অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই - Rangiya CAA protest

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে ধেমাজি জিলাৰ গোগামুখ উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হয় বিশাল গণ সমাৱেশ ৷ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ চৰাইদেউ আৰু ৰঙিয়াতো সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

CAA protest across Assam
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Dec 30, 2019, 6:27 PM IST

গোগামুখ,30 ডিচেম্বৰঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে ধেমাজি জিলাৰ গোগামুখ উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হয় বিশাল গণ সমাৱেশ ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত ৷ সভাত উপস্থিত থাকি তেখেতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

গোগামুখত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

চৰাইদেউঃসমান্তৰালকৈ শিৱসাগৰ জিলাৰ চৰাইদেউতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হয় বিশাল গণ সমাৱেশ ৷ ডবা-শংখ বজাই জয় আই অসম ধ্বনিৰে উত্তাল কৰি তোলা হয় প্ৰতিবাদস্থলী ৷ সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা গণ সমাৱেশত জিলাখনৰ বঙালি সমাজ, মাৰোৱাৰী সম্প্ৰদায়ৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ উপৰিও কৰ্মচাৰী পৰিষদ, উকীল সন্থা আৰু শিল্পী সমাজেও সহযোগিতা আগবঢ়ায় ৷ টাই আহোম যুৱ পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি লোহিত গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈ, কণ্ঠশিল্পী প্ৰশান্ত ৰাজখোৱাৰ লগতে জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বহুকেইগৰাকী নেতাই ভাষণ প্ৰদান কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী উত্থাপন কৰে ৷

চৰাইদেউত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙিয়াঃ সোমবাৰে ৰঙিয়াৰ জয়ন্তীপুৰতো শতাধিক ৰাইজ সমবেত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ কামৰূপ জিলাৰ সভাপতি ঘনশ্যাম কলিতা ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ৰঙিয়াত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

লগতে পঢ়ক- বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ'

ABOUT THE AUTHOR

...view details