ধেমাজী, 15 এপ্ৰিল: ৰঙালীৰ ৰঙত ৰঙীণ হৈ পৰিছে সমগ্ৰ ৰাজ্য । উজনিৰ পৰা নামনিলৈ চৌদিশে এতিয়া ঢোল, পেঁপা, গগনাৰ মাতে ৰজনজনাইছে বিহুৰ বাকৰি তথা অসমীয়াৰ চোতাল ৷ ৰঙালীৰ পাৰভঙা উচাহত ডুব গৈছে বিভিন্ন জাতি জনগোষ্ঠীয় চহা অসমীয়া ৰাইজ । এফালে হুঁচৰি যদি আনফালে জেং বিহু ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম হোৱা নাই ধেমাজি সদৰৰ লাচিত নগৰৰ পৰিবেশ । মানুহ বিহুৰ দিনাই ধেমাজি লাচিত নগৰ আৰু কেন্দুগুৰিৰ বোৱাৰী সকলে ঘৰে ঘৰে চোতাল বিহু মৰাত ব্যস্ত হৈ পৰে ৷
ধেমাজিত চোতালে চোতালে বোৱাৰী বিহু
উজনিৰ পৰা নামনিলৈ চৌদিশে এতিয়া ঢোল, পেঁপা, গগনাৰ মাতে ৰজনজনাইছে বিহুৰ বাকৰি তথা অসমীয়াৰ চোতাল ৷ মানুহ বিহুৰ দিনা ধেমাজি লাচিত নগৰ আৰু কেন্দুগুৰিৰ বোৱাৰী সকলে ঘৰে ঘৰে চোতাল বিহু মৰাত ব্যস্ত হৈ পৰিছে ৷
ধেমাজিত চোতালে চোতালে বোৱাৰী বিহু
উল্লেখ্য যে, বিগত বৰ্ষত ক’ভিডৰ বাবে ৰাইজে বিহু উদযাপন কৰিব নোৱাৰিলে সেয়েহে এইটো বছৰ ডেকা-জীয়ৰীসকলোৱে দুগুণ উল্লাসেৰে বিহুটিক আদৰিছে ৷ লাচিত নগৰ আৰু কেন্দুগুৰিত এতিয়া বিহু নামৰে মুখৰিত হৈ পৰিছে বিহুতলি ৷
লগতে পঢ়ক:চিৰাঙত ৰংজালি বৈশাগু উদযাপন
Last Updated : Apr 16, 2021, 8:17 AM IST