অসম

assam

By

Published : Jul 1, 2021, 2:18 PM IST

ETV Bharat / state

জোনাইত বাঢ়নী পানীত খহিল পকী দলং: নিম্নমানৰ সামগ্রী ব্যৱহাৰৰ অভিযোগ

জোনাই মহকুমাৰ সৰ্বাধিক বান বিধ্বস্ত অঞ্চল বেৰাচাপৰিৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজৰ জোনাই সদৰকে ধৰি অন্যান্য প্ৰান্তৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল এই দলঙখন ৷ পকী দলঙখন নিৰ্মাণ কাৰ্য দুমাহ পূৰ্বেহে সম্পূৰ্ণ কৰা হৈছিল ৷

bridge collapsed in jonai due to flood
জোনাইত বাঢ়নী পানীত খহিল পকী দলং: নিম্নমানৰ সামগ্রী ব্যৱহাৰৰ অভিযোগ

জোনাই, ১ জুলাই : জোনাইৰ লুহিজান-বেৰাচাপৰি সংযোগী পথৰ নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ থকা পকী দলঙখন বাঢ়নী পানীত খহি যোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ বাবেই বাঢ়নী পানীত পকী দলঙখন খহি পৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । এই লুহিজান দলঙখনৰ এটা মূৰ জোনাই নদীৰ বাঢ়নী পানীয়ে খহাই নিয়াত বহিঃজগতৰ সৈতে যোগাযোগ বিচ্ছিন্নৰ পথত বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজৰ ৷ বৃহত্তৰ অঞ্চলটোৰ লোকৰ স্বাৰ্থত দলঙখন শীঘ্ৰে নিৰ্মাণৰ বাবে দাবী জনাইছে স্থানীয় লোকে ৷

জোনাইত বাঢ়নী পানীত খহিল পকী দলং: নিম্নমানৰ সামগ্রী ব্যৱহাৰৰ অভিযোগ

আনহাতে জোনাই মহকুমাৰ সৰ্বাধিক বান বিধ্বস্ত অঞ্চল বেৰাচাপৰিৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজৰ জোনাই সদৰকে ধৰি অন্যান্য প্ৰান্তৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল এই দলঙখন ৷ ইফালে পথৰ লগতে ওপৰত থকা পকী দলঙখন দুমাহ পূৰ্বেহে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল যদিও ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিত দলঙখনৰ দুইমূৰ অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা সাধাৰণ বৰষুণৰ বাঢ়নী পানীতে এনেদৰে খহি গ’ল দলঙখনৰ এটা মূৰ ৷ যাৰ ফলত এতিয়া দলঙখনৰ সিপাৰে থকা প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজৰ স্কুল, কলেজকে ধৰি চিকিৎসা, বেপাৰ, বাণিজ্য আদিলৈ যাতায়ত সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰাৰ দিশত ৷

ইফালে বৃহত্তৰ বেৰাচাপৰি অঞ্চললৈ যোৱা অকলেণ্ড-বেৰাচাপৰি সংযোগী পথৰ ওপৰতো বাগৰিছে জোনাই নদীৰ বাঢ়নী পানী ৷ উল্লেখ্য যে, দলঙখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পৰাই অতি নিম্নমানৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল যদিও ঠিকাদাৰে ৰাইজৰ অভিযোগক কোনো গুৰুত্ব নিদি চলাই গৈছিল দলঙখনৰ কাম । স্থানীয় ৰাইজে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি ঠিকাদাৰজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক :অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

For All Latest Updates

ABOUT THE AUTHOR

...view details