অসম

assam

ETV Bharat / state

জোনাইত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই - ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়া

চমকং গাঁও পঞ্চায়তৰ চেঙাজানত চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা ৷ পাৰ্কুপাইন সেৰেঙাকৈ ব্যৱহাৰ কৰাত খহনীয়া প্ৰতিৰোধত ব্যৰ্থ হৈছে জলসম্পদ বিভাগ ৷

জোনাইত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই
জোনাইত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

By

Published : Jul 11, 2021, 12:53 PM IST

জোনাই, 11 জুলাই :জোনাই বিধানসভা সমষ্টি (Jonai Legislative Assembly)ৰ চেঙাজানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । চমকং গাঁও পঞ্চায়তৰ চেঙাজান গোৱালা গাঁৱত এতিয়া দিনে-নিশাই চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ গৰা । দুমাহৰ আগৰ পৰাই চেঙাজান গোৱালা গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া । খহনীয়াত গাঁৱখনৰ দহ-পোন্ধৰটাকৈ কৃষিজীৱী পৰিয়ালৰ ঘৰ-ভেটি উছন হয় ৷

শেহতীয়াকৈ জলসম্পদ বিভাগে (Water Resources Department) ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে চেঙাজান গোৱালা গাঁৱত পকী পাৰ্কুপাইন আঁচনি ৰূপায়ণৰ কাম কিছুদিন পূৰ্বে আৰম্ভ কৰে । ইতিমধ্যে আঠশৰো অধিক পকী পাৰ্কুপাইনৰ বুৰুজ ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ খহনীয়া প্ৰতিৰোধৰ বাবে সংস্থাপন কৰিছে ৷ ইয়াৰ বিপৰীতে নদীখনৰ বিধ্বংসী খহনীয়াৰ প্ৰকোপত আঁচনিখনে সুফল দিয়াত ব্যৰ্থ হৈছে ।

প্ৰায় দুশ পকী পাৰ্কুপাইনৰ বুৰুজ ব্ৰহ্মপুত্ৰত জাহ গৈছে ।

জোনাইত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

ধাৰাবাহিকভাৱে ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাৰ ফলত চেঙাজান গোৱালা গাঁৱৰ দিশে ত্ৰিশ মিটাৰ ভিতৰলৈ নদীখন সোমাই আহিছে । উল্লেখযোগ্য যে, চেঙাজান গোৱালা গাঁৱত ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ গভীৰতা ত্ৰিশ-চল্লিশ ফুট ৷ কিন্তু নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে সেৰেঙাকৈ ব্যৱহাৰ কৰিছে দহ ফুট দৈৰ্ঘৰ পাৰ্কুপাইনৰ বুৰুজ । যাৰ ফলত কোনো সুফল দিয়া নাই আঁচনিখনে ।

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তৰ বিস্ফোৰণস্থলীত উপস্থিত ADGP

ABOUT THE AUTHOR

...view details