ধেমাজি ,১২ জুন : ভূতৰ ওপৰত দানহ পৰা দিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৷ ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ চমকঙত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰই ৷ প্ৰতিবছৰে বাৰিষা ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাৰ ফলত নৈৰ বুকুত জাহ গৈছে ইখনৰ পিছত সিখন গাওঁ ৷ ইতিমধ্যে জাহ গৈছে অঞ্চলটোৰ 30 খন গাওঁ ৷ বিশেষকৈ এইবাৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে অঞ্চলটোৰ ১ নং চেঙাজান বগলীবাৰী ৷
গৰাখহনীয়াৰ কবলত জোনাইৰ চমকংবাসী - ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টি
প্ৰতিবছৰে বাৰিষা ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাৰ ফলত নৈৰ বুকুত জাহ গৈছে ইখনৰ পিছত সিখন গাওঁ ৷ ইতিমধ্যে জাহ গৈছে অঞ্চলটোৰ 30 খন গাওঁ ৷ বিশেষকৈ এইবাৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে অঞ্চলটোৰ ১ নং চেঙাজান বগলীবাৰী ৷
গৰাখহনীয়াৰ কবলত জোনাইৰ চমকংবাসী
লগতে পঢ়কঃডিব্ৰুগড়ত দুধৰ্ষ আলফা সদস্য আটক
গাওঁখনৰ কেবা হেক্টৰ কৃষিভূমিৰ লগতে বহুকেইটা পৰিয়ালৰ ঘৰ-মাটি বিলীন হৈ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷ সেয়ে শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ অন্যথা বাচি থকা পৰিয়াল তথা গাঁওসমূহো যে ব্ৰহ্মপুত্ৰৰ বুকুত নিঃশেষ হ'ব সেয়া নিশ্চিত বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷