অসম

assam

ETV Bharat / state

Boro Kachari Welfare Autonomic Council : জোনাইত ইউবিপিঅ’ৰ সজাগতা সভা - বড়ো গাওঁ আৰু বড়ো পৰিয়ালৰ চিনাক্তকৰণ প্ৰক্ৰিয়া

বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ গাওঁ চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণৰ সন্দৰ্ভত আলোচনা ৷ দৈমালু বড়ো হাইস্কুলত ইউবিপিঅৰ সজাগতা সভাৰ সম্পন্ন ৷

ইউবিপিঅৰ সজাগতা সভা
সজাগতা সভা

By

Published : Jun 19, 2023, 12:00 PM IST

জোনাইত সজাগতা সভা

জোনাই, 18 জুন : সংযুক্ত বড়ো গণ মঞ্চৰ উদ্যোগত ধেমাজি জিলাৰ জোনাইৰ দৈমালু বড়ো হাইস্কুলত এখন সজাগতা সভাৰ আয়োজন কৰা হয় ৷ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি সনসিং ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সংগঠনটোৰ সাধাৰণ সম্পাদক অনিল বসুমতাৰীয়ে । সভাত উপস্থিত থাকি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয়, বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বড়ো গাওঁ আৰু বড়ো পৰিয়ালৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ভাৰত চৰকাৰৰ 2011 চনৰ লোকপিয়ল অনুসৰি তৈয়াৰ কৰিবলৈ লোৱা হৈছে ৷ উক্ত সময়ত চৰকাৰী স্বীকৃতি নথকা বড়ো গাওঁসমূহ আৰু বড়ো পৰিয়ালসমূহ স্বীকৃতি থকা আন গাঁৱৰ ভিতৰত অন্তৰ্ভুক্ত হ’লে সেই গাঁৱৰ নামতে বিকেডব্লিউএচিৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে গাওঁ চিনাক্তকৰণ কৰা হ'ব ৷ চৰকাৰে বিকেডব্লিউএচিৰ 36 টা সমষ্টি গঠনৰ বাবে তৎপৰতাৰে আগবাঢ়িছে বুলি কয় ।

ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰীয়ে সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ মাজত অবাধ প্ৰচলন হ'বলৈ ধৰা ড্ৰাগছ তথা মাদক দ্ৰব্য নিৰ্মূলকৰণৰ ক্ষেত্ৰত সকলোকে ঐক্যৱদ্ধভাৱে কাম কৰি যাবলৈ আহ্বান জনায় । সভাত ইবিপিঅৰ সাংগঠনিক সম্পাদিকা প্ৰাণজিতা বড়োয়ে ছাত্র-ছাত্ৰীসকলক গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ইউবিপিঅৰ কৰ্মীসকলক অনুৰোধ জনায় । ইউবিপিঅৰ সাংস্কৃতিক সম্পাদিকা ইলা ব্ৰহ্মই বড়ো জনগণৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত লাভ কৰা বিকেডব্লিউএচিৰ নিৰ্বাচন অনুষ্ঠিত কৰি শক্তিশালী স্বায়ত্ব পৰিষদ হিচাপে গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায় । ইউবিপিঅৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই বিকেডব্লিউএচিত কিছুমান অবড়ো গাওঁ অন্তৰ্ভুক্ত হোৱা বুলি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে সেয়া কৰা হোৱা নাই বুলি কয় ৷

সভাত ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি ৰবীন বড়ো, সহকাৰী সাধাৰণ সম্পাদক অশোক দৈমাৰী প্ৰমুখ্যে ইউবিপিঅৰ জিলা আৰু আঞ্চলিক সমিতিৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক :Lurinjyoti Gogoi on Big Dam: বলপূৰ্বক নদীবান্ধ নিৰ্মাণ নকৰিবলৈ চৰকাৰক সকীয়নি লুৰীণজ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details