জোনাই, 3 এপ্ৰিল: শুকুৰবাৰে জোনাইৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৱনত মিচিং আগম কৌবাঙৰ উদ্যোগত মিচিং ভাষাত এখনি আলোচনী আৰু কাব্য উন্মোচন কৰা হয় ৷ শিক্ষক তথা জিলি আলোচনীখনৰ সম্পাদক দেবানন্দ পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা উন্মোচনী সভাখন সভাপতিত্বত কৰে শিক্ষক চেনিৰাম পাংগিঙে ৷
ইয়াৰ পিছতে জিলি নামৰ আলোচনীখন উন্মোচন কৰে মিচিং আগম কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক দিম্বেশ্বৰ দলে আৰু তুৰনামচৌ পংকাংকাং (অহাৰ জীৱন) কাব্য গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লিখক বিজয় বৰিয়ে ৷