অসম

assam

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 8:50 PM IST

ETV Bharat / state

Book released in Jonai: ৰয়েল পেগুৰ 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' শীৰ্ষক গ্ৰন্থ উন্মোচন

ভাষাৰ ভিত্তিত আৰু সাংস্কৃতিক সমন্বয়ৰ দ্বাৰা জাতীয়তাবাদ সুস্থ হ'ব পাৰে বুলি মন্তব্য় লেখক ৰয়েল পেগুৰ । জোনাইৰ ঙাচাৰচুক উকোমত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁ এইদৰে মন্তব্য় কৰে ।

Book on Nationalism released in Dhemaji
জোনাইৰ ঙাচাৰচুক উকোমত গ্ৰস্থ উন্মোচন

জোনাইৰ ঙাচাৰচুক উকোমত গ্ৰস্থ উন্মোচন

জোনাই, ৯ অক্টোবৰ :লেখক-সাংবাদিক, প্ৰকৃতিকৰ্মী ৰয়েল পেগুৰ 'জাতীয়তাবাদ-প্ৰকৃতি আৰু অন্যান্য' শীৰ্ষক গ্ৰন্থখন আজি জোনাইৰ ঙাচাৰচুক উকোমত উন্মোচন কৰা হয় । পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ উদ্যোগত অনুষ্ঠিত তথা ড৹ হৰকান্ত পেগুৱে সঞ্চালনা কৰা সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ, লেখক ড৹ দীপক কুমাৰ দলেয়ে গ্ৰন্থখন উন্মোচন কৰে । গ্ৰন্থ উন্মোচনী ভাষণত তেওঁ ৰয়েল পেগুৰ 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থখন অসমৰ সাহিত্য জগতলৈ অমূল্য সংযোজন বুলি মন্তব্য কৰে । জাতীয়তাবাদৰ পৰা পৰিবেশ সংৰক্ষণলৈ ৰয়েল পেগুৰ লেখাত বলিষ্ঠ আৰু বস্তুনিষ্ঠ বিশ্লেষণ আগবঢ়াইছে বুলি তেওঁ মন্তব্য কৰে ।

সাংবাদিক বিজয় বৰিয়ে আঁতধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৱে ভাষণত ৰয়েল পেগু এগৰাকী সাহসী লেখক বুলি মন্তব্য কৰে । তেওঁ সম্প্ৰতি দুৰ্বল তথা সন্দেহৰ আৱৰ্তত সোমাই পৰা জাতীয়তাবাদক নিৰ্মোহ বিশ্লেষণ আৰু তীক্ষ্ণ সমালোচনা কৰি ছদ্মবেশী জাতীয়তাবাদক সাৱধানবাণী শুনাবলৈ লেখক পেগুৱে সাহস কৰা বুলি মন্তব্য কৰে । ড৹ সুখলতা ফুকন গগৈ, লেখক, শিল্পী পেঞ্চনাৰ ইন্দ্ৰেশ্বৰ পেগু, হৰিপ্ৰসাদ মিলি, কবি তোষেশ্বৰ আগৰৱালাই বক্তব্য প্ৰদান কৰি লেখক ৰয়েল পেগুক শলাগ লয় ।

লেখক ৰয়েল পেগুৱে বক্তব্যত ঐক্যবদ্ধ, নিভাঁজ তথা প্ৰগতিশীল জাতীয়তাবাদেহে অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰি বুলি মন্তব্য কৰে । উল্লেখযোগ্য যে সাংবাদিক, লেখক, সমাজ সচেতক, প্ৰকৃতিকর্মীৰ ৰয়েল পেগুৰ এই গ্ৰন্থখনত জাতীয়তাবাদৰ প্ৰসংগত আৰু সাম্প্ৰতিক সময়ত সন্দেহৰ আৱৰ্তত পৰা জাতীয়তাবাদৰ বিভিন্ন ঘটনা প্রবাহৰ ওপৰত বহুকেইটা আলোচনা আগবঢ়াইছে । লেখক ৰয়েল পেগুৱে জাতীয়তাবাদৰ ওপৰত নিজস্ব ধাৰণা স্পষ্ট কৰি কয় যে নিভাঁজ তথা ঐক্যবদ্ধ জাতীয়তাবাদেহে বৃহত্তৰ অসমীয়া জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব । ভাষাৰ ভিত্তিত আৰু সাংস্কৃতিক সমন্বয়ৰ দ্বাৰা জাতীয়তাবাদ সুস্থ হ'ব পাৰে । জাতীয় সংগঠন, জাতীয়তাবাদ আৰু সুবিধাবাদৰ প্ৰসংগ উত্থাপন কৰি লেখকে ছদ্মবেশী জাতীয়তাবাদক সাৱধান কৰি দিছে।

উন্মোচনী অনুষ্ঠানত ধেমাজি ডায়েটৰ জ্যেষ্ঠ অধ্যাপক জুনিশ পাতিৰ, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড৹ প্ৰান্তিকা শৰ্মা, শিক্ষক প্ৰদীপ গগৈ, ছেভ পবা ৰেইন ফৰেষ্টৰ উপদেষ্টা উপেন পেগু, স্বপ্নৰঞ্জন ময়েঙীয়া, সম্পাদক তথা সাংবাদিক ভাস্কৰজ্যোতি টায়েং, আদি উপস্থিত থাকে ।

লগতে পঢ়ক:Amrit Kalash Yatra : দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰিব; পীযুষ হাজৰীকা

For All Latest Updates

ABOUT THE AUTHOR

...view details