ধেমাজি,২৭ মে':ৰাজ্যত ভয়াৱহ নিবনুৱা সমস্যাৰ মাজতে পশ্চিম ধেমাজিৰ বৃহত্তৰ হাবুং অঞ্চলৰ শিক্ষিত নিবনুৱা তথা ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এটা ভাল খবৰ ৷ কাৰণ এতিয়াৰে পৰা সুদুৰ লখিমপুৰ, ডিব্ৰুগড় লৈ প্ৰেৰণ কৰিব নালাগে উৎপাদিত চাহৰ কেঁচা পাত ৷ নিজৰ ঠাইতে আৰম্ভ হৈছে চাহ প্ৰস্তুত কৰা ফেক্টৰী (Tea factory open in Dhemaji) ৷
চাইকেল, মটৰ চাইকেলত বান্ধি মোনাই মোনাই যুৱ খেতিয়কসকলে ফেক্টৰীলৈ আনিছে কেঁচা চাহপাত ৷ জানিব পৰা মতে পশ্চিম ধেমাজিৰ আহোমৰ স্মৃতি বিজড়িত ঐতিহাসিক হাবুং মন্দিৰৰ সমীপতে এদিনৰ পূৰ্বে মৰাণৰ মেঘা চাহৰ স্বতাধিকাৰীয়ে মুকলি কৰে বগীবিল চাহ ফেক্টৰীটো (Bogibeel Tea Factory Open in Dhemaji) ৷
দৈনিক ৮ ৰ পৰা ১০ লাখ কেজি চাহ প্ৰস্তুত কৰিব পাৰিব এই ফেক্টৰীটোত ৷ ইতিমধ্যে অঞ্চলটোৰ বহুতো উদ্যমী ক্ষুদ্ৰ চাহ খেতিয়কৰ মুখত এতিয়া বিৰিঙিছে প্ৰাপ্তিৰ প্ৰশান্তি হাঁহি ৷ চাহ ফেক্টৰীটোৰ লগত জড়িত হৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপনৰ পথ মুকলি হৈছে বহুজনৰ (Tea Cultivation in Assam) ৷