অসম

assam

ETV Bharat / state

য়ামনে নৈৰ পাৰত উদ্ধাৰ জোনাইৰ যুৱকৰ মৃতদেহ

গাড়ীৰ পৰা ম’বাইল আনিবলৈ গৈ চিয়াং আৰু য়ামনে নৈৰ সংগমত পৰি মৃত্যু এজন যুৱকৰ ৷ কেনেদৰে সংঘটিত হ’ব পালে এই দুৰ্ঘটনা ! এয়া প্ৰকৃততে দুৰ্ঘটনা নে ইয়াৰ আঁৰত নিহিত আছে অন্য কাৰণ ?

Accident at Arunachal Pradesh
অৰুণাচলৰ য়ামনে নদীৰ পাৰত উদ্ধাৰ জোনাইৰ যুৱকৰ মৃতদেহ

By

Published : Aug 19, 2021, 11:03 AM IST

জোনাই, 19 আগষ্ট :অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটৰ পাংগিঙত মঙলবাৰে ফুৰিবলৈ গৈ পাহাৰৰ ওপৰৰ পৰা গাড়ীসহ তললৈ পৰি নিখোজ হোৱা জোনাইৰ হৰিশ দলে নামৰ যুৱকজনৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হয় ৷ পাচিঘাটৰ চিয়াং নদীৰ পাৰৰ পাংগিঙৰ পাহাৰৰ ভিউ পইণ্টৰ পৰা গাড়ীসহ চিয়াং আৰু য়ামনে নৈৰ সংগমত পৰি মৃত্যুক আকোঁৱালি লয় যুৱকজনে ৷

মঙলবাৰে জোনাইৰ ৰামধন দিখাৰীৰ ঘনশ্যাম পেগু নামৰ যুৱকজনে এক বিশেষ কামৰ বাবে অৰুণাচলৰ পাচিঘাটলৈ গৈছিল । যুৱকজনৰ লগত আছিল জোনাইৰে আন চাৰিগৰাকী যুৱক । পাচিঘাটত কাম শেষ কৰি ক্ষন্তেক ফুৰিবলৈ বুলি বদাগ অর্থাৎ পাংগিঙত থকা ওখ পাহাৰৰ ভিউ পইণ্টত গাড়ীখন পাৰ্ক কৰি যুৱককেইজন চিয়াং নদীৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিছিল ।

য়ামনে নৈৰ পাৰত উদ্ধাৰ জোনাইৰ যুৱকৰ মৃতদেহ

এনে সময়তে গাড়ীৰ ভিতৰত ম’বাইল ফোনটো থাকি যোৱা বুলি ঘনশ্যামে বন্ধু তথা জোনাইৰ ১ নং চিৰামপুৰীয়াৰ হৰিশ দলে নামৰ যুৱকজনক আনিবলৈ অনুৰোধ কৰে । ইফালে গাড়ী চলাব নজনা হৰিশে চাবিপাত লগাই ষ্টাৰ্ট কৰিব ধৰোতে ভিউ পইণ্টৰ ৰেলিং ভাঙি গাড়ীসহ পাহাৰৰ পৰা নদীলৈ পৰি যায় ৷ লগে লগে স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰৰ বাবে চেষ্টা চলাই যদিও আন্ধাৰ হোৱাৰ বাবে স্থগিত ৰাখে উদ্ধাৰ অভিযান ।

বুধবাৰে পুৱাৰ পৰা বদাগ গাঁৱৰ যুৱক অপক মেগু, অজিং বৰাঙৰ নেতৃত্বত জোনাইৰ অগ্নিনিৰ্বাপক বাহিনী আৰু SDRF বাহিনীৰ লগতে পূৱ চিয়াং জিলাৰ পাচিঘাটৰ পাংগিং, বদাগৰ স্থানীয় ৰাইজৰ লগতে আদি-মিচিং বাঃনে কেবাং, আদি-মিচিং পৰিণ কেবাঙে উদ্ধাৰ অভিযান চলায় ৷ দলটোৱে অৱশেষত বুধবাৰে ঘটনাস্থলীৰ পৰা প্ৰায় ৭০০ ফুট তলত য়ামনে নদীৰ পাৰত উদ্ধাৰ কৰে হৰিশৰ মৃতদেহ ।

লগতে পঢ়ক :গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা

ABOUT THE AUTHOR

...view details