জোনাই, ৮ অক্টোবৰঃ দীৰ্ঘ দিন ধৰি ইউবিপিঅৰ নেতৃত্বত বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত চলাই আহিছিল গণতান্ত্ৰিক আন্দোলন। যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত বিজেপিয়ে ইউবিপিঅৰ নেতৃত্বক প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি সংগঠনটোয়ে জনাই অহা দাবীৰ প্ৰতি সঁহাৰি জনাই শেহতীয়াভাবে যোৱা ২৭ জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু এনডিএফবিৰ চাৰিওটা গোটৰ লগতে সংযুক্ত বড়ো গণ মঞ্চ (ইউবিপিঅ)ৰ সৈতে সম্পাদিত তৃতীয় বড়ো শান্তি চুক্তিৰ ৫নং ধাৰাৰ ৫.১ দফাত অন্তভুৰ্ক্ত হল বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিষয়টো।
ইপিনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত,স্বাস্থ্য আদি দপ্তৰৰ মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ইউবিপিঅ নেতৃত্বৰ ধাৰাবাহিক আলোচনাৰ সিদ্ধান্ত অনুসৰি বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেটত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিধেয়কখন গ্ৰহণ কৰে। বিটিএডিৰ বাহিৰৰ 21খন জিলাৰ বড়ো জনগণৰ বহু প্ৰত্যাশিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে বিভিন্ন প্ৰান্তৰ বড়ো ৰাইজৰ লগতে ধেমাজি জিলাৰ বড়ো জনগণ।