ধেমাজি, 10 আগষ্ট:ধেমাজি মাছখোৱাৰ লাইপুলীয়া নৈত সোমবাৰে বিয়লি সাঁতুৰি থকা অৱস্থাত নিখোজ হোৱা দুই কিশোৰীৰ মৃতদেহ অৱশেষত উদ্ধাৰ(Dead body recovered) ৷ স্থানীয় ৰাইজৰ সহযোগত SDRF ৰ দলে ঘটনাস্থলীৰ পৰা চাৰি কিলোমিটাৰ নিলগৰ উৰিয়ামগুৰি দলঙৰ কাষত উদ্ধাৰ কৰে নিখোজ দুই কিশোৰী শিখামনি দেৱী সিং আৰু মেনকা দাসৰ মৃতদেহ ৷
সোমবাৰে আবেলি লগৰীয়াৰ সৈতে লাইপুলীয়া নৈৰ মাছখোৱা চাৰিআলিৰ হৰিমন্দিৰ ঘাটত গা ধুবলৈ গৈছিল দুই কিশোৰী(The two teenagers went to bathe at the pier) ৷ উৎকট গৰমত সাঁতুৰি থাকোতেই লাইপুলীয়াৰ দ' পানীত পৰি সোঁতত উটি গৈছিল দুই কিশোৰী ৷ সৌভাগ্যক্ৰমে বাচি গৈছিল লগত থকা আন তিনিগৰাকী কিশোৰী ৷