অসম

assam

ETV Bharat / state

কেউফালে পানী; নাৱত উঠি পঢ়াশালিলৈ আহিছে এইসকল শিশু - বড়ো প্ৰাৰ্থমিক বিদ্যালয়

দামী দামী বাহনৰ সলনি ৰাজ্যৰ এখন বিদ্যালয়লৈ যাবলৈ ছাত্ৰ-ছাত্ৰীক লাগে কেৱল নাও (Students come by boat to a school in Jonai) ৷ ভৱিষ্যৎ ৰঙীন কৰাৰ স্বাৰ্থত প্ৰতি পুৱাই হাতত ফলি, কিতাপ লৈ নাৱত উঠি বিদ্যালয়লৈ আহে এজাক কণমানি ৷ পিছে ক’ত আছে এই বিশেষ বিদ্যালয়খন ? সবিশেষ আমাৰ এক প্ৰতিবেদন...

Boat is only way to come and go to school at Jonai
নাৱত উঠি পঢ়াশালিলৈ আহিছে এইসকল শিশু

By

Published : May 20, 2022, 10:43 AM IST

Updated : May 20, 2022, 10:58 AM IST

জোনাই 20 মে’ :সততে অভিভাৱকসকলে বিদ্যালয়লৈ সন্তানক থ’বলৈ কিহত যায় বাৰু ? বাছ, মটৰ চাইকেল নাইবা অন্যান্য বাহনত, নহয় জানো ! আনকি আপুনি হয়তো দেখিছে অভিভাৱকে নিজ ল’ৰা-ছোৱালীক চাইকেল, মটৰ চাইকেল বা গাড়ীৰে বিদ্যালয়লৈ অনা নিয়া কৰি বিদ্যালয়ৰ সম্মুখত শাৰী পতাও ৷ কিন্তু আজি আমি কব’লৈ বিচাৰিছো এনেকুৱা এখন বিদ্যালয়ৰ কথা, য’ত অভিভাৱকে সন্তানক বিদ্যালয়ত থ’বলৈ আহে নাৱেৰে ৷

অভিভাৱকে সন্তানক বিদ্যালয়ত থ’বলৈ আহে নাৱেৰে

আমি ক’বলৈ লোৱা এই বিদ্যালয়খন হৈছে জোনাই মহকুমাৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চল বিষ্ণুপুৰৰ এখন বড়ো মাধ্যমৰ প্ৰাৰ্থমিক বিদ্যালয় ৷ চাইকেল, মটৰ চাইকেল নাইবা বিভিন্ন বাহনৰ সলনি জোনাইৰ এই বিশেষ প্ৰাৰ্থমিক বিদ্যালয়খনৰ সন্মুখত প্ৰতি পুৱা আৰু বিয়লি শাৰী শাৰীকৈ ৰয় হি বহু নাও ৷

অভিভাৱকসকলে নিজ নিজ সন্তানক বিদ্যালয়লৈ অনা নিয়া কৰাৰ একমাত্ৰ ব্যৱস্থাটোৱে হৈছে নৌকা বিহাৰ (Boat is only way to come and go to school at Jonai) ৷ এয়া জোনাইৰ এখন বানে ধোৱা অঞ্চলৰ দৃশ্য ৷

লগতে পঢ়ক :দৰঙত অপৰিবৰ্তিত বান পৰিস্থিতি

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি ৰাজ্যত হৈ আছে প্ৰৱল বৃষ্টিপাত ৷ যাৰ ফলত ৰাজ্যৰ অধিকাংশ অঞ্চল এতিয়া পানীৰ তলত (Flood situation grim in Assam) ৷ প্ৰায় এমাহ ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জোনাইৰ বিষ্ণুপুৰ গাঁৱৰ বিষ্ণুপুৰ বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ চাৰিওফালে দেখা গৈছে এতিয়া মাথোঁ পানী আৰু পানী ৷

বাট পথ সকলো প্ৰায় এমাহ ধৰি ডুব গৈ আছে পানীৰ তলত ৷ তথাপিও অভিভাৱকসকলে নিজৰ সন্তানক শিক্ষাৰ পৰা বঞ্চিত কৰা নাই ৷ কষ্ট মাজেৰে হ’লেও নাৱৰে নিজৰ সন্তানক বিদ্যালয়লৈ প্ৰতিদিনে এনেদৰে অনা নিয়া কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :বেকী নৈৰ খহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব চৰকাৰ : অখিল গগৈ

Last Updated : May 20, 2022, 10:58 AM IST

ABOUT THE AUTHOR

...view details