অসম

assam

By

Published : Jul 11, 2019, 4:58 PM IST

ETV Bharat / state

উদ্ধাৰ হ'ল নাও দুৰ্ঘটনাত আৱদ্ধ হৈ থকা লোক

জোনাইৰ চিয়াং লালী নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ ৩জনক উদ্ধাৰ কৰে জোনাই আৰক্ষী আৰু ‌SDRFৰ দলে । বৰ্তমানেও সন্ধানহীন হৈ আছে আন তিনিজন লোক ।

উদ্ধাৰ হ'ল নাও দুৰ্ঘটনাত আৱদ্ধ হৈ থকা লোককেইজন

জোনাই,১১জুলাই : জোনাইৰ চিয়াং লালী নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাত পতিত ৩ জন লোকক উদ্ধাৰ । বৰ্তমানেও সন্ধানহীন হৈ আছে আন তিনিজন লোক। উদ্ধাৰকাৰীকেইজন মহেন্দ্ৰ য়াদৱ,মহেন মোদী,আৰু দিলীপ মিপুন বুলি জানিব পৰা গৈছে।

উদ্ধাৰ হ'ল নাও দুৰ্ঘটনাত আৱদ্ধ হৈ থকা লোককেইজন

উল্লেখ্য যে, ধাৰাষাৰ বৰষুণৰ ফলত বিপদজনকভাৱে বৃদ্ধি পাইছিল চিয়াং নদীৰ জলপৃষ্ঠ । এই বাঢ়নী পানীৰ বাবে মঙলবাৰে সন্ধিয়া বেচাপৰিৰ পৰা মিৰিয়া কাল চাপৰিৰলৈ গাখীৰ আনিবলৈ যোৱা এখন ইঞ্জিনচালিত নাও দুৰ্ঘটনাগ্ৰস্ত হৈছিল । নাওখনত আছিল ৬জনকৈ লোক। ইয়াৰে ৩জন লংকা চাপৰিত আৱদ্ধ হৈ আছিল। বুধবাৰে জোনাই আৰক্ষী আৰু ‌SDRFৰ দলে লংকা চাপৰিলৈ ৰাওনা হৈ উদ্ধাৰ কৰে লোককেইজনক । কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে আন তিনিজনকৈ লোক । সন্ধানহীন লোককেইজন বুধ ডাংগল,নাৰায়ণ নাথ আৰু কান্তে পেগু ।

ABOUT THE AUTHOR

...view details