জোনাইৰ চিয়াং নদীত নাও দুৰ্ঘটনা,সন্ধানহীন 3 - সন্ধানহীন
চিয়াং নদীৰ বাঢ়নী পানীতে মঙলবাৰে সন্ধিয়া বেচাপৰিৰ পৰা মিৰিয়া কাল চাপৰিৰলৈ গাখীৰ আনিবলৈ যোৱা এখন ইঞ্জিনচালিত নাও দুৰ্ঘটনাগ্ৰস্ত হয় ৷ নাওখনত থকা 6 জন লোকৰ 3 জনৰ বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই আৰু আন তিনিজন লোক লংকা চাপৰিত আৱদ্ধ হৈ থকা বুলি জানিব দিয়ে
![জোনাইৰ চিয়াং নদীত নাও দুৰ্ঘটনা,সন্ধানহীন 3](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3797651-thumbnail-3x2-kkkk.jpg)
জোনাই,10 জুলাইঃ জোনাইৰ চিয়াং লালী নৈৰ বাঢ়নী পানীত দুৰ্ঘটনাগ্ৰস্ত এখন সৰু ইঞ্জিনচালিত নাও ৷ সন্ধানহীন তিনিজন লোক ৷ আন তিনিজন লোক আৱদ্ধ চাপৰিত ৷ উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি আহি থকা ধাৰাষাৰ বৰষুণৰ ফলত বিপদজনকভাবে বৃদ্ধি পাইছে চিয়াং নৈৰ জলপৃষ্ঠ ৷ চিয়াং নদীৰ বাঢ়নী পানীতে মঙলবাৰে সন্ধিয়া বেচাপৰিৰ পৰা মিৰিয়া কাল চাপৰিৰলৈ গাখীৰ আনিবলৈ যোৱা এখন ইঞ্জিনচালিত নাও দুৰ্ঘটনাগ্ৰস্ত হয় ৷ নাওখনত থকা 6 জন লোকৰ 3 জনৰ বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই আৰু আন তিনিজন লোক লংকা চাপৰিত আৱদ্ধ হৈ থকা বুলি জানিব দিয়ে ৷ সন্ধানহীন হোৱা লোক কেইজন কান্তে পেগু,নাৰায়ণ নাথ আৰু বিদুৰ ছেত্ৰী ৷ আনহাতে,মহেন্দ্ৰ য়াদৱ,মহেন মোদী, আৰু দিলীপ মিপুন নামৰ লোককেইজন লংকা চাপৰিত আৱদ্ধ হৈ আছে ৷ ইয়াৰে মহেন মোদী নামৰ লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ইপালে প্ৰতিকূল বতৰকো নেওচি এছ ডি আৰ এফৰ এটি দলে বুধবাৰে তিনিমাইল ঘাটৰ পৰা আৱদ্ধ হৈ থকা লোক সকলক উদ্ধাৰ কৰিবলৈ লংকা চাপৰিলৈ ৰাওনা হৈছে ৷