অসম

assam

ETV Bharat / state

Blanket distribution in Jonai: 60 উৰ্দ্ধৰ বৃদ্ধালৈ বিশেষ সাহাৰ্য - Blanket distribution in Jonai

আদি লেকু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ৬০ বছৰ উৰ্দ্ধৰ বৃদ্ধালৈ বিশেষ সাহাৰ্য ৷ প্ৰতিগৰাকী বৃদ্ধাক একোখনকৈ কম্বল বিতৰণ কৰে আদি লেকু গাঁওৰক্ষী বাহিনীয়ে(Blanket distribution in Jonai) ৷

Etv Bharat
Etv Bharat

By

Published : Nov 25, 2022, 8:33 PM IST

জোনাই ২৫ নৱেম্বৰ: শীতৰ আমেজ ভৰা দিনবোৰ সকলোৰে প্ৰিয় ৷ গৰিষ্ঠসংখ্যক লোকেই আগ্ৰহৰে ৰৈ থাকে শীত অহালৈ ৷ মাদকতাৰ পৰিৱৰ্তে প্ৰাত্যহিক জীৱন যাত্ৰাত শীতৰ সময়চোৱাত অৱশ্যে প্ৰবল প্ৰত্যাহ্বানৰ মুখামুখি হয় দৰিদ্ৰ তথা একাংশ খাটিখোৱা লোক ৷ এইসকল লোকৰ কথা চিন্তা কৰিয়েই আজি জোনাই মহকুমা অন্তৰ্গত আদি লেকু গাঁৱৰ মুৰংঘৰত আদি লেকু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ৬০বছৰ উৰ্দ্ধৰ প্ৰতিগৰাকী বৃদ্ধাক একোখনকৈ কম্বল বিতৰণ কৰা হয়(Blanket distribution in Jonai) ।

60 উৰ্দ্ধৰ বৃদ্ধালৈ বিশেষ সাহাৰ্য

বিগত বছৰ বোৰৰ দৰেই এই বছৰো আদি লেকু গাঁওৰক্ষী বাহিনীয়ে অঞ্চলটোত বসবাস কৰা ৬০ উৰ্দ্ধৰ প্ৰতিগৰাকী বৃদ্ধাক একোখনকৈ কম্বল বিতৰণ কৰি এক মানৱীয়তাৰ পৰিচয় দাঙি ধৰে । আজিৰ এই কম্বল বিতৰণ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাত সভাপতিত্ব কৰে লেকু গাঁওৰক্ষী বাহিনীৰ সভাপতি জীৱন পাতিৰে ৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে আদি লেকু গাঁওৰক্ষী বাহিনীৰ সম্পাদক মনোৰঞ্জন দলেই ।

সভাত আদি লেকু গাওঁৰক্ষী বাহিনীৰ সকলো সদস্য উপস্থিত থকাৰ লগতে জোনাই আৰক্ষী থানা সমিতিৰ সভাপতি কেশৱ শৰ্মা ,সম্পাদক ৰনোজ পাটিৰ আৰু উপদেষ্টা লক্যনাথ পায়েং ,লেকু গাওঁৰ গাঁও প্ৰধান জ্ঞানসিং দলে আৰু মিছিং আগম কেবাং ৰ সদস্য হৰিশ দলেই উপস্থিত থাকি বহু মূল্যবান বক্তব্য আগবঢ়ায় । সভাত বহুলোক উপস্থিত থাকে ৷

উল্লেখ্য যে, তিনি বছৰ ধৰি আদি লেকু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অব্যাহত আছে এই সাহাৰ্য অভিযান কাৰ্যসূচীৰ ৷ ৰাজ্যলৈ ঠাণ্ডা নামি অহাৰ লগে লগে বহু দৰিদ্ৰ , অভাৱী লোকে কম্বলৰ অভাৱ পূৰাব নোৱাৰে আৰু পৰিস্থিতিৰ সৈতে সহাৱস্থান কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷ এনে অভাৱী লোকসকলক কিছু পৰিমাণে হ’লেও সকাহ দিয়াৰ উদ্দেশ্যে আদি লেকু গাঁওৰক্ষী বাহিনীয়ে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে(Relief campaign in Jonai) ৷

লগতে পঢ়ক:Bharat jodo yatra: বিজেপিক কঠোৰ ভাষাৰে সমালোচনা ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details