জোনাই,3 মাৰ্চ:ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব 2021 ৰ অসম বিধানসভাৰ নিৰ্বাচন ৷ 27 মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ 47 টা সমষ্টিত হ’ব এই ভোটগ্ৰহণ ৷ সম্প্ৰতি ৰাজনৈতিক দলসমূহৰ মাজত প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰি ৰুদ্ধদ্বাৰ বৈঠক বহিছে যদিও কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাৰ সমীকৰণ মিলা নাই ৷ তাৰ মাজতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন সমাগত হোৱাৰ লগে লগে জোনাইত ভাৰতীয় জনতা দলত আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ উল্লেখযোগ্য যে, গণশক্তিৰ বিধায়ক ভূৱন পেগুৱে বিজেপিত যোগদান কৰি জোনাইৰ পৰা টিকট লাভ কৰিব বুলি চৰ্চা লাভ কৰাৰ লগে লগে সমষ্টিটোৰ পুৰণি বিজেপিৰ কৰ্মীসকলে বিৰোধিতা কৰা দেখা যায় ৷
বিজেপিত যোগদানৰ পিচতে অথন্তৰ ভূৱন পেগুৰ - ভূৱন পেগুৰ
জোনাইত বিজেপিৰ মাজত অব্যাহত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ ভূৱন পেগুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বিজেপিৰ শতাধিক কৰ্মীৰ ৷ পেগুক প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰোধিতা কৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ ৷
মঙলবাৰে জোনাইত কেইবাশতাধিক কৰ্মীয়ে হাতে হাতে ভূৱন পেগু গ’ বেক, ভূৱন পেগু মুৰ্দাবাদ লিখা প্লে কাৰ্ড লৈ পেগুৰ বিৰুদ্ধে নানান শ্ল’গান দি পূৱ মণ্ডল বিজেপিৰ কাৰ্যালয় উত্তাল কৰি তোলা দেখা যায় ৷ বিজেপি কৰ্মীসকলে পেগুৰ দৰে মিছলীয়া, জাতিদ্ৰোহী, এজন প্ৰতাৰকক কোনোপধ্যেই নিজৰ নেতা হিচাপে মানি নলয় বুলি হুংকাৰ দিয়ে ৷ বিধানসভাৰ নিৰ্বাচনত পৰাজয় নিশ্চিত বুলি জানি ভূৱন পেগুৱে বিজেপিত যোগদান কৰি পুনৰ গাদী লাভৰ স্বাৰ্থত এইবাৰ বিজেপিৰ পৰা টিকট বিচাৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰিছে ৷ পেগুক টিকট প্ৰদান নকৰিবলৈ দলীয় নেতৃত্বক আহ্বান জনাইছে জোনাইৰ বিজেপি কৰ্মীসকলে ৷
লগতে পঢ়কঃদিনটোৰ বিশেষ ৰাজনৈতিক খবৰ...