অসম

assam

ETV Bharat / state

জোনাইত বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক আক্ৰমণৰ অভিযোগ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত সংঘটিত হৈ আছে সৰু-বৰ নিৰ্বাচনী হিংসাৰ ঘটনা ৷ জোনাই সমষ্টিত কংগ্ৰেছ কৰ্মীক বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ তুলি থানাত তৰিলে গোচৰ ৷ আৰক্ষীৰ তদন্ত আৰম্ভ ৷

জোনাইত বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক আক্ৰমণৰ অভিযোগ
জোনাইত বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক আক্ৰমণৰ অভিযোগ

By

Published : Mar 24, 2021, 9:28 AM IST

জোনাই 24 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত সংঘটিত হৈ আছে সৰু-বৰ নিৰ্বাচনী হিংসাৰ ঘটনা ৷ ৰাজনৈতিক নেতাসকলৰ মাজত বাকযুদ্ধ আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰাজ্যখনৰ কিছু প্ৰান্তত দলীয় কৰ্মীসকলৰ মাজত সংঘৰ্ষ সংঘটিত হৈছে । মঙলবাৰে জোনাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী, দলীয় কৰ্মী হিতেশ পেগু, ৰাজীৱ পেগু আৰু বিজু পেগুৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

জোনাইত বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক আক্ৰমণৰ অভিযোগ

চিগা পঞ্চায়তৰ চন্তপুৰ গাঁৱত কংগ্ৰেছ কৰ্মী কেইজনে আলহীৰ ঘৰত থকা অৱস্থাত তুলাৰাম ময়ং আৰু সঞ্জীৱ পাটিৰ নামৰ দুজন বিজেপি কৰ্মীয়ে দিনৰ প্ৰায় ৩.৩০ বজাত তিনিজন কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰে ৷ উল্লেখ্য যে, আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে কংগ্ৰেছ কৰ্মী সকলে জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ আক্ৰমণকাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ জোনাই থানাৰ প্ৰাংগনত কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ দাদাগিৰি নচলিব, ভূৱন পেগুৰ গুণ্ডাগিৰি নচলিব বিভিন্ন শ্লোগান দি জোনাই আৰক্ষী থানা চৌহদ উত্তাল কৰি তোলে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জোনাই থানাত ভাৰতীয় দণ্ডাবিধি আইনৰ us 341/325/427/385/34 ipc ৰ ধাৰাৰ অধীনত 51/2021 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃনাওবৈচাত জয়ন্ত খাউণ্ডৰ হৈ নির্বাচনী প্ৰচাৰ ৰণজিৎ দাসৰ

ABOUT THE AUTHOR

...view details