অসম

assam

ETV Bharat / state

চৰকাৰী আঁচনিক লৈ বিজেপি বিজেপিৰ মাজত খণ্ড যুদ্ধ - বিজেপি কৰ্মীৰ মাজত চৰকাৰী আচঁনিক লৈ খণ্ড যুদ্ধ

চৰকাৰী আঁচনিৰ বিতৰণক লৈ বিজেপি বিজেপিৰ মাজত এতিয়া খণ্ডযুদ্ধ । জোনাই বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভাৰ মাজতে শূন্যলৈ চকী দলিয়াই ক্ষোভ উজাৰিছে একাংশ বিজেপি কৰ্মীয়ে ।

চৰকাৰী আচঁনিক লৈ খণ্ড যুদ্ধ
চৰকাৰী আচঁনিক লৈ খণ্ড যুদ্ধ

By

Published : Mar 7, 2020, 11:18 PM IST

জোনাই, ৭ মাৰ্চ:জোনাইত বিজেপি কৰ্মীৰ মাজত খণ্ডযুদ্ধ । চৰকাৰী আঁচনিৰ বিতৰণক লৈ বিজেপিৰ নিজৰ মাজতে এতিয়া খণ্ডযুদ্ধ । জোনাই বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভাৰ মাজতে শূন্যলৈ চকী দলিয়াই ক্ষোভ উজাৰিছে একাংশ বিজেপি কৰ্মীয়ে ।

বিজেপি বিজেপিৰ মাজত খণ্ড যুদ্ধ

জানিব পৰা মতে, শুকুৰবাৰে জোনাই টাউন ক্লাবত অনুষ্ঠিত হোৱা জোনাই মণ্ডলৰ বিজেপি এখন কাৰ্যনিৰ্বাহক সভাত পুৰণি বিজেপিৰ কৰ্মীসকলক অন্ধকাৰত ৰাখি সাংসদ প্ৰদান বৰুৱাৰ লগতে কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা একাংশ ন-পুৰণি কৰ্মীয়ে সংসদ পুঁজিৰ আঁচনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ ভাগ-বতৰা কৰা বুলি অভিযোগ উত্থাপন কৰে একাংশ পুৰণি বিজেপি কৰ্মীয়ে ৷ ইয়াকে লৈ ন-পুৰণি বিজেপি কৰ্মীৰ মাজত সৃষ্টি হৈ খণ্ড যুদ্ধৰ । একাংশ পুৰণি বিজেপি কৰ্মীয়ে ক্ষোভত শূণ্যলৈ চকী দলিয়াই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details