ধেমাজি, 19 আগষ্টঃ অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰ ৷ অসমৰ জনসাধাৰণে বিচাৰে বিজেপি চৰকাৰ ৷ মঙলবাৰে এই মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলাৰ মুখপাত্ৰ অশ্বিনী পাইটে ৷ মঙলবাৰে ধেমাজি জিলা কুলাজানৰ মাইহাং হোটেলৰ সভাকক্ষত ধেমাজি জিলা বিজেপিৰ এখন পৰিচয় সভা অনুষ্ঠিত কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰি আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ এইদৰে কয় মুখপাত্ৰগৰাকীয়ে ৷
অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰঃ অশ্বিনী পাইট - BJP will again form government in Assam : Ashwini Pait
অসমৰ জনসাধৰণে ৰাজ্যখনত পুনৰ বিজেপি চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলাৰ মুখপাত্ৰ অশ্বিনী পাইটে ৷ মঙলবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷
অসমত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাটো সকলোৱে বিচাৰে । লগতে আগন্তুক নিৰ্বাচনত ধেমাজি আৰু জোনাই বিধানসভাৰ সমষ্টি দুটাৰ প্ৰাৰ্থী নিৰ্বাচনৰ সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে ভালদৰে অনুধাৱন কৰি নিৰ্ণয় কৰিব বুলি মন্তব্য কৰে । একেদৰে ধেমাজি বিজেপিৰ সভাপতি প্ৰেম দত্তই আগন্তুক বিধানসভাৰ নিৰ্বাচনত ধেমাজি আৰু জোনাই দুখন বিধানসভাৰ ভাৰতীয় জনতা পাটিৰ দখললৈ নি সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোডীক উপহাৰ দিব লাগিব বুলি মন্তব্য কৰে ।
আৰু পঢ়কঃলামডিঙৰ সাধুখুটিত কিশোৰৰ সলিল সমাধি