জোনাই, 10 নৱেম্বৰ:ভাৰতীয় জনতা পার্টিৰ মিত্ৰঁজোট সন্মিলিত গণ শক্তি অসমৰ পূৰ্ণ সহযোগত শুকুৰবাৰে জোনাইৰ মিচিং কৃষ্টি ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হয় বিশাল গণ সমাৱেশ ৷ উক্ত সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বিৰেোধী জোট INDIA ৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে ৷ হাজৰীকাই নিৰ্বাচন পৰ্যন্ত মিত্ৰজোট ভাঙি যাব বুলি বিৰোধী ঐক্যক কটাক্ষ কৰে ৷
ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই আদৰণি ভাষণ আগবঢ়োৱা গণ সমাৱেশত মন্ত্ৰী পীযুষ হাজৰীকাই মিচিং অধ্যুষিত 10 খন জিলাত মিচিং জাতিৰ কৃষি উৎসৱ আলি-আয়ে-লৃগাঙত চৰকাৰী বন্ধ ঘোষণা কৰে ৷ তদুপৰি সভাত মন্ত্ৰী পীযুয হাজৰিকাই ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আচঁনিৰ প্ৰশংসা কৰি কংগ্ৰেছসহ বিৰোধী মিত্ৰ দলক চোকা সমালোচনা কৰে ৷ লগতে বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ কয়, কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচী পাহাৰ ভৈয়ামত নচলে, চলে মাত্ৰ মুছলমান অধ্যুষিত চৰ এলেকাতহে ।