ধেমাজি, 9 ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসনাধিষ্ঠিত বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে ধেমাজি কুমটীয়া দলঙৰ দাতিত ধেমাজি বিধানসভা সমষ্টিৰ অধীনত পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰি আগন্তুক বিধান সভা নিৰ্বাচনত 100ৰো অধিক আসন লাভ কৰি আগন্তুক নিৰ্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি সাংসদ তপন গগৈয়ে মন্তব্য কৰাৰ লগতে কোনে শক্তিয়ে বিজেপিক প্ৰতিহত কৰিব নোৱাৰে বুলিও মন্তব্য কৰে ৷
অসমত কোনো শক্তিয়ে বিজেপিক প্ৰতিহত কৰিব নোৱাৰে: সাংসদ তপন গগৈ - সাংসদ তপন গগৈ
সোমবাৰে ধেমাজি কুমটীয়া দলঙৰ দাতিত ধেমাজি বিধানসভা সমষ্টিৰ অধীনত পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰে সাংসদ তপন গগৈয়ে ৷ সভাত অংশ গ্ৰহণ কৰি সাংসদ গৰাকীয়ে কয়, অসমত পুনৰ বিজেপিৰে চৰকাৰ হ'ব ৷ অসমত কোনো শক্তি নাই যিয়ে বিজেপিক প্ৰতিহত কৰিব পাৰিব ৷
![অসমত কোনো শক্তিয়ে বিজেপিক প্ৰতিহত কৰিব নোৱাৰে: সাংসদ তপন গগৈ অসমত কোনো শক্তিয়ে বিজেপিক প্ৰতিহত কৰিব নোৱাৰে: তপন গগৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10552092-thumbnail-3x2-hfg.jpg)
তাৰোপৰি, অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক ফনী শৰ্মাই ভাষণ প্ৰসংগত কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কৃপাত বিজেপিৰ চৰকাৰৰ দিনত ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসম উন্নতিৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথম দহটা স্থানৰ ভিতৰত আছে ৷ সেয়েহে কৰ্মকৰ্তা সকলে প্ৰতিঘৰৰ পৰা 30 টাকৈ ভোট অনাৰ বাবে কাম কৰিব লাগিব ৷ ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰি সমস্যা সমাধানৰ বাবে কাম কৰিব লাগিব বুলিও কৰ্মী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷
পৃষ্ঠা প্ৰমুখ সভাত ধেমাজি বিধানসভা সমষ্টিৰ প্ৰভাৰী ডা° মুকুল বৰা, প্ৰাক্তন জিলা সভাপতি ডিম্বেশ্বৰ চেতিয়া, ধেমাজিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাতিৰ দলে, জিলা উপসভাপতি ৰিজু বৰুৱাকে আদি কৰি জিলা খনৰ ভালে সংখ্যক বিজেপিৰ জেষ্ঠ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক:নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ