ধেমাজি,8 মাৰ্চ: ৰাজ্যত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰৰে পৰা আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব ৷ প্ৰথম পৰ্যায়ৰ প্ৰায় কেইটা সমষ্টিৰ বাবে ইতিমধ্যেই মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাৰ্থী সকলে ৷ সমান্তৰালকৈ সোমবাৰে 113 নং ধেমাজি বিধানসভাৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে ৷ ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলা উপাযুক্ত ডাঃ জীৱন বি’ৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে নেতা গৰাকীয়ে ৷
ধেমাজিত বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ মনোনয়ন দাখিল - BJP candidate Ranoj Pegu filed nomination at Dhemaji
সোমবাৰে 113 নং ধেমাজি বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে ৷ জিলা উপায়ুক্ত ডাঃ জীৱন বি’ৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে নেতা গৰাকীয়ে ৷ লগতে এইবাৰৰ নিৰ্বাচনত তেঁও বিপুল ভোটত জয়যুক্ত হ'ব বুলিও মন্তব্য কৰিলে নেতা গৰাকীয়ে ৷

ধেমাজিত বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ মনোনয়ন দাখিল
ধেমাজিত বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ মনোনয়ন দাখিল
উল্লেখ্য যে, মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ধেমাজিৰ ভৰালীচুকত বিজেপি তথা মিত্ৰজোঁটৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে ডাঃ ৰণোজ পেগুৱে ৷ ইয়াৰ পিছতেই কম সংখ্যক দলীয় কৰ্মীক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে নেতা গৰাকীয়ে ৷ লগতে এইবাৰৰ নিৰ্বাচনত ধেমাজি বিধানসভাৰ সমষ্টিত পুনৰ নিৰংকুশ বিজয় সাব্যস্ত কৰিব বুলি সংবাদকৰ্মীৰ আগত মন্তব্য কৰে বিজেপিৰ প্ৰাথীগৰাকীয়ে ৷
লগতে পঢ়কঃমৰিয়নীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ