জোনাই,28 জুন: জোনাইৰ বানাক্ৰান্ত অঞ্চল দেওবাৰে পৰিদৰ্শন কৰে ধেমাজি জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে । মহকুমাটোৰ অন্তৰ্গত বেৰা চাপৰি, মহমৰা, লোহিজান আদি বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বুজ লয় ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তৰ নেতৃত্বাধীন এটা দলে । মহকুমাটোৰ লোহিজান পঞ্চায়তৰ অধীনষ্ঠ প্ৰায় ত্ৰিশখনৰো অধিক গাঁও বানত বুৰ যোৱাত দেখা দিছে তীব্ৰ খাদ্য সংকটে ৷ বিষয় প্ৰসংগত জিলা বিজেপিৰ সভাপতি গৰাকীয়ে মহকুমাধিপতিৰ লগতে চক্ৰ বিষয়াগৰাকীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত জন সাধাৰণৰ লগতে জীৱ-জন্তুৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷
জোনাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন ধেমাজি বিজেপিৰ কৰ্মকৰ্তাৰ - Circle officer of Dhemaji
ধেমাজি জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে দেওবাৰে জোনাই মহকুমাৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ বিষয় প্ৰসংগত জিলা বিজেপিৰ সভাপতি গৰাকীয়ে মহকুমাধিপতিৰ লগতে চক্ৰ বিষয়াগৰাকীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত জন সাধাৰণৰ লগতে জীৱ-জন্তুৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷
জোনাইৰ বানাক্ৰান্ত অঞ্চল
ইপিনে বৃহস্পতিবাৰে সংঘটিত এক নাও দুৰ্ঘটনাত নিখোজ হোৱা ৰশ্মি দেউৰীৰ মৃতদেহ চাৰিদিনৰ মূৰত উদ্ধাৰ হোৱাত উক্ত ঘটনাৰো বুজ লয় দলটোৱে ৷ সম্প্ৰতি চৰকাৰীভাৱে মুৰ্কংচেলেক মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা একমাত্ৰ সাহায্য শিবিৰটোত আশ্ৰয় লোৱা 101 লোকৰ সৈতে মত বিনিময় কৰে দলটোৱে ৷ উল্লেখ্য যে,বানাক্ৰান্তক পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদানৰ দাবী তুলি বিজেপিৰ জিলা সভাপতি গৰাকীয়ে ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।
লগতে চাওকঃপ্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত এখন ভিতৰুৱা গাঁৱৰ প্ৰসংগ