অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী লাচিত সেনাৰ

বীৰ লাচিত সেনাৰ ধেমাজি জিলা সমিতি গঠনক লৈ দেওবাৰে ধেমাজিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সচিব শৃংখল চলিহা উপস্থিত থাকি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে ৷

By

Published : Nov 30, 2020, 12:58 PM IST

bir lachit sena meeting at dhemaji
মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী লাচিত সেনাৰ

ধেমাজি, 30 নৱেম্বৰ :বীৰ লাচিত সেনা অসমৰ উদ্যোগত দেওবাৰে ধেমাজি প্ৰমোদ ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ বিকাশ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সচিব শৃংখল চলিহা উপস্থিত থাকে ৷ শৃংখল চলিহাই সাম্প্ৰতিক সময়ৰ বোকা ছটিওৱা ৰাজনীতিক লৈ সভাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ লগতে চৰকালৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘‘যদি বৰ্তমান অসমত মোগলৰ শাসন চলিছে বুলি চৰকাৰখনে ক’ব বিচাৰে, তেন্তে বিগত পাঁচ বছৰত চৰকাৰৰ গাদীত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে ৷ সৰ্বা-হিমন্ত থাকোতে কেনেকৈ অসমত মোগলৰ শাসন চলিব পাৰিলে ৷ যদি অসমত সঁচাকৈয়ে মোগলৰ শাসন চলিছে তেন্তে সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীৰ হৈ থকাৰ নৈতিক অধিকাৰ নাই আৰু তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লাগে’’ ৷

মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী লাচিত সেনাৰ

শৃংখল চলিহাই সভাত ৰাইজৰ দলৰ লগতে অসমৰ প্ৰত্যেকটো জাতীয় শক্তিৰ লগত সুসম্পৰ্ক আৰু নৈতিক সমৰ্থন থকাৰ কথা উল্লেখ কৰে ৷ তেওঁ লগতে ধেমাজিৰ বিভিন্ন সমস্যা তথা অভাৱ অভিযোগৰ কথা উল্লেখ কৰি বীৰ লাচিত সেনাই সদায় ৰাইজৰ পক্ষত থিয় দিব বুলি মন্তব্য কৰে ৷ সভাখনত মিন্টু গগৈক সভাপতি আৰু যাদৱ নাথক সম্পাদক হিচাপে লৈ 51 জনীয়া বীৰ লাচিত সেনাৰ ধেমাজি জিলা সমিতিখন গঠন কৰা হয় ৷ সভাৰ পাছত সংগঠনটোৱে ধেমাজি নগৰৰ মাজেৰে এক বিশাল বাইক ৰেলী উলিয়াই ৷

মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী লাচিত সেনাৰ

লগতে পঢ়ক: হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ

ABOUT THE AUTHOR

...view details