ধেমাজি , ২৭ ডিচেম্বৰঃ শুকুৰবাৰে ধেমাজি জিলাৰ চিলাপথাৰ হিন্দী হাইস্কুলৰ প্ৰাংগণত আয়োজিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী "জনতা গৰ্জন" অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশ আৰু জাতিৰ বাবে গীত গাই জে'ললৈ যাবলৈ সাজু বুলি ঘোষণা কৰিলে সংগীত শিল্পী বিপিন চাউদাঙে ।
স্বদেশ স্বজাতিৰ হকে গীত গাই জে'ল যাবলৈ সাজু বিপিন চাউদাঙ - গীত গাই জে'ললৈ সাজু বিপিন চাউদাঙ
শিল্পীসকলক চৰকাৰে আৰ্থিক সাহাৰ্যৰ টোপ দিয়া কাৰ্যক গৰিহণা দিলে সংগীত শিল্পী বিপিন চাউদাঙে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিলে চৰকাৰকহে ব্যক্তিগতভাৱে এক লাখ টকা দিব বুলি মন্তব্য কৰিলে শিল্পীজনে ৷
![স্বদেশ স্বজাতিৰ হকে গীত গাই জে'ল যাবলৈ সাজু বিপিন চাউদাঙ bipin saudang protest against caa in dhemaji](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5514599-thumbnail-3x2-bipin.jpg)
জে'ললৈ যাবলৈ সাজু বিপিন চাউদাং
জে'ললৈ যাবলৈ সাজু বিপিন চাউদাং
নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অহা শিল্পীজনে লগতে উল্লেখ কৰে যে, শিল্পীসকলক চৰকাৰে টোপ দি লাভ নাই । ইয়াৰ পৰিৱৰ্তে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিলে তেখেতেহে চৰকাৰক ব্যক্তিগতভাৱে এক লাখ টকা দিব বুলি উল্লেখ কৰিলে সংগীত শিল্পীজনে ৷ উল্লেখযোগ্য যে , পূৰ্বেও জে'ললৈ গৈছে সংগীত শিল্পীজন ৷
জে'ললৈ যাবলৈ সাজু বিপিন চাউদাং
লগতে পঢ়কঃপলকতে 2019: কি পালো ? কি হেৰুৱালো ?