জোনাই ৮ ছেপ্টেম্বৰ: 'ভাৰতৰত্ন' সন্মানেৰে বিভূষিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হৈছে ৷ ১৯২৬ চনত শদিয়াত জন্মগ্ৰহণ কৰা মহান শিল্পীগৰাকীয়ে জীৱন কালত নিজৰ সৃষ্টিশীল প্ৰতিভাৰে উজ্বলি উঠিছিল বিশ্ববাসীৰ সন্মুখত । সংগীত নাটক একাডেমী, দাদা চাহেব ফাল্কে বঁটাৰ পৰা আৰম্ভ কৰি পদ্মশ্ৰী, পদ্মবিভূষণ, অসমৰত্নৰ পৰা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নলৈকে অসংখ্য সন্মানেৰে বিভূষিত বৰেণ্য শিল্পীগৰাকী অসমীয়াৰ চিৰকাল হিয়াৰ আমঠু ৷ সেয়ে 96 সংখ্যক ওপজা দিনটো উলহ-মালহেৰে উদযাপন কৰা হৈছে শদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত (Bhupen Hazarika 96th birth anniversary)৷
জোনাই গান্ধীৰোডস্থিত ব্ৰহ্মপুত্ৰ অপছেটৰ প্ৰাংগণত জোন-জোনাকী মইনা পাৰিজাত আৰু জোনাই লেখিকা সমাৰোহৰ উদ্যোগত বৃহস্পতিবাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন উদযাপন কৰা হয়(Bhupen Hazarika birth anniversary celebrated inJonai)৷ জোনাই জোন-জোনাকী মইনা পৰিজাতৰ সভানেত্ৰী আৰু লেখিকা সমাৰোহৰ উপদেষ্টা ৰিংকুমণি বৰশইকীয়াই সঞ্চালনা কৰা সভাত সুধাকন্ঠৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ্বৰ পেগুৱে ৷