জোনাই,২ ছেপ্টেম্বৰ:এশ এবুৰি সমস্যাৰে জৰ্জৰিত জোনাইৰ মহকুমাৰ তেলাম গাঁও পঞ্চায়ত অন্তৰ্গত বৃহত্তৰ কৰৈবাৰী অঞ্চল । অৰুণাচল প্ৰদেশৰ সীমাতে লাগি থকা কৰৈবাৰী অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আহিছে । কৰৈবাৰী অঞ্চলত প্ৰায় আঠশ দিন হাজিৰা কৰি খাটি খোৱা পৰিয়ালে বসবাস কৰি আহিছে বছৰ বছৰ ধৰি ।
গোৰ্খা, বড়ো, ৰাজবংশী, মিচিং জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকল বসবাস কৰি আহিছে এই বৃহত্তৰ কৰৈবাৰীত । কোনোৱে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত দিন হাজিৰা কৰে, আন কোনোয়ে আদিয়া খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে । এনে দৰিদ্ৰ শ্ৰেণীৰ তলৰ লোকসকলে বসবাস কৰা বৃহত্তৰ কৰৈবাৰীৰ শিশু, কিশোৰ কিশোৰীৰ অধ্যয়নৰ ক্ষেত্ৰত বিশেষ সমস্যাত পৰে ।
প্ৰত্যেক দিনাই অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধ-বনিতালৈ বিভিন্ন সমস্যাৰ যন্ত্ৰণাত ভূগি আহিছে । বিশেষকৈ দিখাৰী নদীৰ গৰাখহনীয়া, বিদ্যালয়ৰ অভাৱ, বাট-পথৰ পঁয়ালগা দৃশ্য, চিকিৎসাজনিত সমস্যা আদি ক্ষেত্ৰত দৈনিক হাহাকাৰ কৰিবলগীয়াত পৰে অঞ্চলটোৰ ৰাইজ । ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈত অৱস্থিত কৰৈবাৰী অঞ্চলৰ এশ এবুৰি সমস্যা বৰ্তমানেও চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰা নাই ।
যাতায়তৰ সমস্যাৰে জৰ্জৰিত কৰৈবাৰী অঞ্চলৰ জনসাধাৰণে দৈনিক চিকিৎসাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে। জৰুৰী অৱস্থাত পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ সোমাব নোৱাৰে এম্বুলেন্স, অগ্নিনির্বাপণ বাহিনীৰ বাহন । বিশেষকৈ লক্ষীপথাৰৰ পৰা ৰে'লৱে লাইন পাৰ হৈ কৰৈবাৰীলৈ যোৱা পথত ৰে'ল ক্ৰচিং নথকাত জৰুৰীকালীন সময়ত বিশেষ অসুবিধাত পৰে লোকসকল ।