জোনাই, ৯ মাৰ্চঃ বৃহত্তৰ চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত সোমবাৰৰ পৰা চাৰিদিনীয়াকৈ চিমেন চাপৰিৰ বাঘগাঁও নামঘৰ প্ৰাঙ্গণত আৰম্ভ হৈছে অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ । অজস্ৰ সনাতন ধৰ্মীয় ভক্তৰ সমাগমেৰে আধ্যাত্মিক অনুষ্ঠানেৰে বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ হয় বাঘগাঁও নামঘৰ প্ৰাংগন । তাৰোপৰি সেৱকী সকলে নিজৰ স্বত্ব ধ্বংস কৰি প্ৰথমে শৰাই, শলিতা আগবঢ়াই পুৱা ৫ বজাত লুইতপুৰীয়া আত্মসহায়ক গোটৰ দ্বাৰা স্বচ্ছতা কাৰ্যসূচী আৰু বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে ।
চিমেন চাপৰিৰ বাঘগাঁও নামঘৰ প্ৰাঙ্গণৰপৰা এখন নৌকা বাহনত ভাগৱত স্থাপন কৰি উলিওৱা ভাগৱত যাত্ৰা লখিমপুৰীয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পলিটেকনিক কলেজ, নতুন ৰংপুৰীয়া, আটকপুৰ, দাধৰা,ৰংপুৰীয়া, বৰুৱাবালি, বিশঘয়া হৈ পুনৰ অনুষ্ঠানস্থলীত সামৰণি পৰে । প্ৰায় এঘাৰ কিলোমিটাৰ পথত ৰূপায়ণ কৰা ভাগৱত ভ্ৰমণৰ কাৰ্যসূচীত হাতী, বহু সংখ্যক বাহন, আৰু সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে । কাৰ্যসূচীত অংশ লোৱা ভক্তপ্ৰাণ ৰাইজে হৰিনামৰ ধ্বনিৰে চিমেন চাপৰিৰ পৰিৱেশ মুখৰ কৰি তোলে ।