অসম

assam

ETV Bharat / state

Bengali Youth Students Federation : চিলাপথাৰ ভৈৰৱপুৰত পাঁচদিনীয়াকৈ আয়োজন বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন - ডিটেনচন কেম্পত আৱদ্ধ

আজিৰে পৰা চিলাপথাৰ ভৈৰৱপুৰত পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন (Bengali Youth Students Federation Central Conference began) ৷ এই অধিৱেশনতে ডি ভোটাৰ, ডিটেনচন কেম্পত আৱদ্ধ কৰি ৰখা বঙালীৰ সমস্যা সন্দৰ্ভত আলোচনা কৰা হ’ব ৷

Bengali Youth Students Federation
বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন

By

Published : May 26, 2023, 9:48 PM IST

বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন

জোনাই, ২৬ মে’ : আজি অৰ্থাৎ শুকুৰবাৰৰ পৰা আৰিমভ হ’ল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ পঞ্চদশ দ্বি-বাৰ্ষিক আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখন ৷ পাঁচদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে ধেমাজি জিলাৰ চিলাপথাৰ ভৈৰৱপুৰৰ নেতাজী সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে এই অধিৱেশনখন (Bengali Youth Students Federation Central Conference began) ৷

এই অধিৱেশনখন কাৰ্যসূচীৰ অংশস্বৰূপে আজি পুৱা ৭ বজাত প্ৰসেনজিৎ নমুঃশূদ্ৰৰ নেতৃত্বত চলোৱা হয় এক স্বচ্ছতা অভিযান । পুৱা ৭:৩০ বজাত সমাজ সেৱক ধীৰেন্দ্ৰ মজুমদাৰৰ দ্বাৰা গছ পুলি ৰোপণ আৰু পুৱা ৮ বজাত বন্তি প্ৰজ্জলন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ধেমাজি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ধৰ্মেন্দ্ৰ দাসে ৷ পুৱা ৮:৩০ বজাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ধেমাজি জিলা সমিতিৰ সভাপতি বিপ্লৱ দাসে জিলা সমিতিৰ পতকা উত্তোলন কৰাৰ পিচতে ৯ বজাত শ্বহীদ তৰ্পণ কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক গোবিন্দ মণ্ডলে (All AssamBengali Youth Students Federation) ৷

পুৱা ৯:৩০ বজাত মূল তোৰণ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ দাসগুপ্তাই ৷ পুৱা ১০ বজাত অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উন্মোচন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে ৷ পুৱা ১০:৩০ বজাত মূল মঞ্চ আৰু মণ্ডপ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ড৹ উত্তম দাসে ৷ পুৱা ১১:৩০ বজাত অতিশালাৰ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক সুজিত হাজঙে ।

ইয়াৰ পাচতে প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল চন্দ্ৰ দেৱে । দিনৰ ১১:৪৫ বজাত প্ৰচাৰ সমিতিৰ কাৰ্যালয় উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ উপ সভাপতি তোলন সোণোৱালে । দিনৰ ১২ বজাত চিকিৎসা শিবিৰ সেৱা উন্মোচন কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ উপ সভাপতি বিপ্লৱ সৰকাৰে । দুপৰীয় ১ বজাত স্বেচ্ছাসেৱী শিৱিৰ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ বিত্ত সম্পাদক স্বৰূপ দাসে । দিনৰ ১:৩০ বজাত আৰক্ষী চাউনী উন্মোচন কৰে সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ৰাজনৈতিক উপদেষ্টা বিশ্বজিত দাসে ৷

দিনৰ ২ বজাত জিলা সমিতিৰ প্ৰতিনিধি পঞ্জীয়ণ, আবেলি ৩ বজাত শ্বহীদ গৌৰাংগ মণ্ডল সোঁৱৰণী প্ৰতিনিধি শিৱিৰ মুকলি কৰে উদযাপন সমিতিৰ সহকাৰী বিত্ত সম্পাদক প্ৰহ্লাদ পালে । আবেলি ৩:৩০ বজাত শ্বহীদ শীতাংশু সৰকাৰ সোঁৱৰণী মঞ্চ উদ্বোধন কৰে অভ্যর্থনা সমিতিৰ সাধাৰণ সম্পাদক ড৹ দেৱজিৎ দাসগুপ্তই । আবেলি ৫ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে অভ্যর্থনা সমিতিৰ উপ-সভাপতি বিশু দাসে আৰু বন্তি প্ৰজ্বলন কৰে সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ চিলা-ভৈৰৱপুৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ৰবীন্দ্ৰ দেৱনাথে ৷

ইয়াৰ পিচতে‌ ৫:১৫ বজাত সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা অজয় চক্ৰৱৰ্তীৰ নেতৃত্বত বীৰ শ্বহীদসকলৰ পবিত্ৰ সোঁৱৰণত সমূহীয়া বন্তি প্ৰজ্বলনৰ পাচতে বিয়লি ৫ বজাত বিশিষ্ট ব্যক্তি তথা সংগঠনৰ প্ৰাক্তন কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয় । সন্ধিয়া ৬ বজাত ধামাইল প্ৰতিযোগিতা আৰু স্থানীয় শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানত গীতৰ শৰাই আগবঢ়াই কণ্ঠশিল্পী নীল বিশাল দাসে ৷ সন্ধিয়া ৭ বজাত জিলা প্ৰতিনিধি সভাৰ প্ৰথম বৈঠকত উদ্বোধক হিচাপে উপস্থিত থাকে সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ধেমাজি জিলা সমিতি মুখ্য সংগঠক বিজয় দাসে ।

নিশা ৮ বজাত জিলা প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক অনুষ্ঠিত কৰা হয় । প্ৰতিনিধি সভাত অসমৰ বাঙালীসকলৰ ডি' ভোটাৰ আৰু ডিটেনচন কেম্পৰ সমস্যাৰ লগতে বিভিন্ন জাতীয় সমস্যাৰ ওপৰত আলোচনা কৰি সিদ্ধান্ত ল’ব বুলি জিলা সমিতিৰ নেতৃত্বই সদৰী কৰে । কাইলৈ অৰ্থাৎ শনিবাৰে পুৱা ৮ বজাত বৃক্ষ ৰোপণ কৰিব ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে ।

পুৱা ৮:৩০ বজাত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰচনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অধীৰ আৰ্যৰ দ্বাৰা বন্তি প্ৰজ্জলনৰ পাচত পুৱা ৮:৪৫ বজাত কেন্দ্ৰীয় সমিতিৰ পতকা উত্তোলন কৰিব সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰচনৰ সভাপতি দীপক দে'য়ে৷ পুৱা ৯ বজাত শ্বহীদ তৰ্পণ কৰিব সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰচনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজয় চন্দনে৷ পুৱা ৯:৪৫ বজাত ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উন্মোচনৰ পাচতে দিনৰ ১১:৩০ বজাৰ পৰা আৰম্ভ হ'ব লগা আলোচনা চক্ৰৰ উন্মোচন কৰিব অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ড৹ উত্তম দাসে ৷

দিনৰ ১২ বজাত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰচনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দে'ৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা "সংস্কৃতিৱান জাতি গঠন আৰু অসমৰ সৰ্বাংগীণ উন্নয়নত যুৱ প্ৰজ্জন্মৰ ভূমিকা'' শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকিব মেঘালয়ৰ পদ্মশ্ৰী ড৹ মানস চৌধুৰী, হোজাই ৰবীন্দ্ৰ বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ মূৰব্বী প্ৰাণকৃষ্ণ কৰ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰয়ে ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, AJYCP ৰ সভাপতি পলাশ চাংমাই, এবছুৰ সভাপতি দ্বীপেন বড়ো, TMPK ৰ সভাপতি তিলক দলে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সম্পাদক ৰিতুম তালি, আটাছুৰ সভাপতি মিলন বুঢ়াগোঁহাই, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, কাৰ্বি আংলং জিলাৰ বাঙালী সমাজৰ সভাপতি চিতু নাথ ৷

লগতে নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ, ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সদৌ অসম বাঙালী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বিশ্বাস, KMSS ৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱাল, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মোহন বৰা, সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত গোঁহাই, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙো উপস্থিত থাকিব ৷

আনকি আটছাৰ সভাপতি ধীৰাজ গোৱালা, আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মণ, সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা, নিখিল লাভ ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা, সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজং, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি থানচিং তিমুং, সদৌ অসম বাঙালী যৌথ মঞ্চৰ সাধাৰণ সম্পাদক শৈলেন মালাকাৰ, সদৌ অসম বাঙালী সুৰক্ষা মঞ্চৰ সভাপতি উৎপল দে', সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি হৰেণ দাসো এই অধিৱেশনত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

লগতে বিটিএফ কল্যাণ পৰিষদৰ আলোচনা পন্থীৰ প্ৰাক্তন সভাপতি ভৰত দাস, সন্মানিত অতিথি হিচাপে চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লক্ষ্মীনাথ পেগু, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শচীন দলে, মৰিঢল মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দ্বীপেন শইকীয়া, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়া, পূৰ্বাঞ্চল মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰৌজকুমাৰ কুটুম, চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড৹ দিব্য দলে, চিচিবৰগাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভাস্কৰ চুতীয়া প্ৰমুখ্যে কেবাগৰাকী জনপ্ৰতিনিধি এই অধিৱেসনত উপস্থিত থাকিব ।

লগতে পঢ়ক :Pipeline burst in Guwahati : থান-বান হ’ল জয়পুৰৰ ২২ টাকৈ পৰিয়ালৰ সপোনৰ ঘৰখন

ABOUT THE AUTHOR

...view details