অসম

assam

AABYSF criticized BJP govt; প্ৰতিশ্ৰুতিৰ নামত বাঙালীক প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰিছে বিজেপিয়ে : বাঙালী সংগঠন

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 11:14 AM IST

ব্ৰহ্মপুত্ৰ উপত্যকাত ৫৫ লাখ বাঙালী হিন্দুক বিজেপিয়ে ৰাজনৈতিক হত্যাৰ পৰিকল্পনা কৰিছে । প্ৰতিশ্ৰুতিৰ নামত বাঙালীক প্ৰৱঞ্চনা আৰু প্ৰতাৰণা । শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠি এই মন্তব্য কৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে । লোকসভা নিৰ্বাচনত বিজেপিৰ বিকল্পত ভোট প্ৰদানৰ হুংকাৰ বাঙালী সংগঠনৰ ।

Bengali Youth Students Federation against BJP govt
লোকসভা নিৰ্বাচনত বিজেপিৰ বিকল্পত ভোট প্ৰদানৰ হুংকাৰ বাঙালী সংগঠনৰ

লোকসভা নিৰ্বাচনত বিজেপিৰ বিকল্পত ভোট প্ৰদানৰ হুংকাৰ বাঙালী সংগঠনৰ

জোনাই, ২৩ ছেপ্টেম্বৰ : ‘‘হিন্দুত্বৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনত অসমত সুৰক্ষিত নহয় হিন্দু-বাঙালী লোক । হিন্দু বাঙালীক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ । ভোটৰ বেংকৰ স্বাৰ্থত বিজেপি দলে কেৱল বাঙালীসকলক ব্যৱহাৰ কৰি আহিছে । ভাৰতীয় নাগৰিক হোৱাৰ পাচতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (NRC) ৰ পৰা ১৪ লাখ হিন্দু বাঙালীৰ নাম ষড়যন্ত্ৰমূলকভাৱে কৰ্তন কৰা হৈছে ।’’ শুকুৰবাৰে আয়োজিত এক সভাত অংশ লৈ এই মন্তব্য কৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৰাজ্যিক সম্পাদক অজিত নাথে ৷

তেওঁ কয়, ‘‘ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা ৫৫ লাখ হিন্দু বাঙালীক ভূমিহীন কৰাৰ চক্ৰান্ত বিজেপিৰ । যাৰ বাবে অনাগত দিনত ব্ৰহ্মপুত্ৰ ভেলীত মৃত্যুশৰ্যাত পৰিণত হ’ব বাঙালী হিন্দু’’ । তেওঁ আৰু কয়, ‘‘২০১৬ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত এখন সভাত কৈছিল বিজেপি ক্ষমতা আহিলে ডিটেনচন কেম্প ভাঙি দিয়া হ'ব । বাঙালীসকলৰ ডি-ভোটাৰ, বিদেশী সমস্যা সমাধান হ'ব ৷ কিন্তু কাৰ্যত বিজেপিয়ে ক্ষমতা দখল কৰিলেও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে । ওলোটাই বিজেপি চৰকাৰে বাঙালী সকলক ৰাজনৈতিক হত্যাহে কৰিছে’’ ।

ইফালে চলিত বৰ্ষৰ ৩০ মে’ তাৰিখে চিলাপথাৰত অনুষ্ঠিত ফেডাৰেশ্যনৰ অধিৱেশনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ট্ৰাইবেল ব্লেট-ব্লকত বসবাস কৰা বাঙালী অনুসূচিত জাতিৰ লোকে ভূমিৰ অধিকাৰ লাভ কৰিব ৷ কিন্তু অসাৰ প্ৰতিপন্ন হ’ল মুখ্যমন্ত্ৰীৰ এই ঘোষণা ।

আজিৰ তাৰিখত শদিয়া আৰু জোনাই ট্ৰাইবেল ব্লেট-ব্লকত বাঙালীসকলে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে । বাঙালী হোৱাৰ বাবে বসুন্ধৰা আঁচনিৰ পৰা চক্ৰান্ত কৰি আঁতৰত ৰখা হৈছে বাঙালীসকলক । এই মন্তব্য অজিত নাথৰ ৷ ৰাজনীতিৰ নামত বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাই বাঙালীসকলক কেৱল প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে ।

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বাঙালীসকলৰ সমস্যা সমাধান নকৰিলে বিজেপিক ভোট দিয়াৰ পৰা বিৰত থাকিব বাঙালী সমাজ । আগন্তুক দিনত যি দলে ৰাজনৈতিক অধিকাৰ ভূমি, ডি-ভোটাৰ বিদেশী সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিব তাকে বাঙালী ৰাইজে নিৰ্বাচনত ভোট প্ৰদান কৰিব বুলি হুংকাৰ প্ৰদান কৰে ফেডাৰেশ্যনৰ কৰ্মীসকলে ।

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত উত্তৰ অসমৰ ৰাজনীতিত বাঙালীক দ্বিখণ্ডিত কৰা হৈছে । নৱগঠিত চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্ত কৰা হৈছে যদিও আগন্তুক এশ বছৰৰ পাৰ হ’লেও বাঙালী এজনো বিধায়ক হোৱাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰি এইক্ষেত্ৰত বাঙালীসকলৰ ভূমিৰ সমস্যা, ডি ভোটাৰ, বিদেশী সমস্যাৰ সমাধানৰ দাবীত অচৰিই বিশাল প্ৰতিবাদী জনসভাৰ আয়োজন কৰা হ’ব বুলি ফেডাৰেশ্যনৰ নেতা-কৰ্মীসকলে মন্তব্য কৰে ।

উল্লেখ্য যে, শুক্ৰবাৰে চিলাপথাৰৰ মাজৰবাৰীত অনুষ্ঠিত হৈছিল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান ৷ এই অনুষ্ঠানত সংগঠনটোৰ কেবাগৰাকীও বিষয়াববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক :Anandaram Dekial Fukan Award : ভাস্কৰ্য শিল্পী বীৰেন সিংহলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

ABOUT THE AUTHOR

...view details