ধেমাজি, ৩ ফেব্ৰুৱাৰী: বীৰ লাচিত সেনা অসমৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বুধবাৰে জিলাখনৰ কাছাৰী ময়দানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মকৰ্তাই । কৃষি আইন বাতিল, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণকে ধৰি কেইবাটাও দাবীত সংগঠনটোৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সচিব শৃংখল চলিহাই শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
ধেমাজিত বীৰ লাচিত সেনা অসমৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট - কাছাৰী ময়দান
ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত বীৰ লাচিত সেনা অসমৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ, কৃষি আইন বাতিলকে ধৰি কেইবাটাও দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।
![ধেমাজিত বীৰ লাচিত সেনা অসমৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত বীৰ লাচিত সেনা অসমৰ প্ৰতিবাদী কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10486968-699-10486968-1612357942792.jpg)
ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত বীৰ লাচিত সেনা অসমৰ প্ৰতিবাদী কাৰ্যসূচী
ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত বীৰ লাচিত সেনা অসমৰ প্ৰতিবাদী কাৰ্যসূচী
অনাগত সময়ত বিজেপিক গাদীচ্যুত কৰিবলৈ বীৰ লাচিত সেনা সাজু বুলিও মন্তব্য কৰে সাংগঠনিক সচিবগৰাকীয়ে । লগতে অসমীয়া লোকৰ গাত হাত দিলে পৰিণাম ভয়ংকৰ হ'ব বুলি বৰাকৰ তথাকথিত বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ক সকিয়নী দিয়ে । প্ৰতিবাদৰ অন্তত সংগঠনটোৱে দহ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ ধেমাজি জিলা উপাযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:6 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ