ধেমাজি ,12 মে' : উন্নয়ন আৰু পৰিৱৰ্তনৰ ধাক-ঢোল বজায় ফুৰা চৰকাৰৰ কেবাখনো অভিলাষী আঁচনিয়ে আজিকোপতি ঢুকি পোৱা নাই ৰাজ্যৰ কেবাটাও অঞ্চল । বিশেষকৈ ৰজাঘৰীয়াৰ পৰা অৱহেলিত হৈ আহিছে ধেমাজিৰ বিধানসভা সমষ্টি অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ খনাকৃষ্ণপুৰবাসী।
চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ধেমাজিৰ খনাকৃষ্ণপুৰ গাঁও
ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ খনাকৃষ্ণপুৰবাসীয়ে বছৰ বছৰ ধৰি এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাতায়ত কৰি আহিছে । বৰদলনি, ভোমা , গোথালি গোগামুখৰ সৈতে সংযোগী এই অঞ্চলটোৰ পথছোৱা আজিলৈ পকীকৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।
বছৰ বছৰ ধৰি খনাকৃষ্ণপুৰবাসীয়ে এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাতায়ত কৰি আহিছে । বৰদলনি, ভোমা , গোথালি গোগামুখৰ সৈতে সংযোগী এই অঞ্চলটোৰ পথছোৱা আজিলৈ পকীকৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । আনহাতে, আগন্তুক বাৰিষাক লৈ শংকিত হৈ পৰিছে ধেমাজি সদৰৰ পৰা মাত্ৰ ২০ কি:মি:নিলগৰ খনাকৃষ্ণপুৰবাসী । কাৰণ বাৰিষা বহি জগতৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে অঞ্চলবাসী ।
তৎসত্বেও এই পৰ্যন্ত যাতায়তৰ পথছোৱা মেৰামতি কৰি দিবলৈ আগবাঢ়ি অহা নাই কোনো জনপ্ৰতিনিধি ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ আগত ভোট বিচাৰি আহি প্ৰতিশ্ৰুতি দি যোৱা বিধায়ক ৰণোজ পেগুৱে পাহৰিলে ৰাইজৰ দুৰৱস্থাৰ কথা ।
লগতে পঢ়ক : মুম্বাইৰ পৰা আহি জন্মভূমিত উপস্থিত জুবিন গাৰ্গ