জোনাই, ২১ জানুৱাৰী :পৰ্যটনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে উত্তৰ-পূৰ্বাঞ্চলৰ এক সুকীয়া স্থান আছে (North east tourist hot spot)। উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খনকৈ ৰাজ্যৰ এক সুকীয়া পৰিচয় আছে । গ্ৰীষ্ম কালৰ পৰা আৰম্ভ কৰি শীত কাললৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দৃশ্যই আকৰ্ষণ কৰি ৰাখে পৰ্যটকক । যাৰ বাবে বছৰি লাখ লাখ পৰ্যটকৰ আগমন হয় উত্তৰ-পূৱলৈ ।
শেহতীয়াকৈ উত্তৰ-পূৱৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন ঘটিছে । কিয়নো মিনি ছুইজাৰলেণ্ড খ্যাত অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত এতিয়া কেৱল বৰফ আৰু বৰফ । ৰাজ্যখনৰ মায়'ডিয়া, মেছুকাকে ধৰি প্ৰায়বোৰ অঞ্চলতে তীব্ৰ তুষাৰপাত হোৱা দেখা গৈছে । বৰফৰ চাদৰে আৱৰি ৰাখিছে সমগ্ৰ অৰুণাচলক ।
চুবুৰীয়া ৰাজ্য অসমৰ পৰাও যথেষ্ট সংখ্যক পৰ্যটকে অৰুণাচললৈ গৈ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ আনন্দ লৈছে । শেহতীয়াকৈ কিছুদিন ধৰি অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ মেছুকাত প্ৰচণ্ড তুষাৰপাত হোৱা দেখা গৈছে (Snowfall at Menchukha)। যাৰ বাবে মেছুকাৰ বিভিন্ন প্ৰান্তৰ ৰাজপথত ২-৪ ফুট পৰ্যন্ত বৰফৰ ডাঠ আৱৰণ দেখিবলৈ পোৱা গৈছে । মেছুকাৰ এই অপৰূপ দৃশ্য উপভোগ কৰিবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ পৰ্যটকে ভিৰ কৰিছে অৰুণাচল প্ৰদেশত (Arunachal Menchukha Town)।