ধেমাজি, 16 ডিচেম্বৰ : বৃহস্পতিবাৰে ধেমাজি সদৰত দহটাকৈ ৰাষ্ট্ৰীয়কৃত বেংকে ধৰ্মঘট কাৰ্যসূচী পালন কৰে (Ten Nationalised Banks are at strike) ৷ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয়কৃত বেংকসমূহক ব্যক্তিগতখণ্ডলৈ নিয়াৰ ব্যাপক প্ৰস্তুতি চলোৱাৰ প্ৰতিবাদত বেংকসমূহে ধৰ্মঘট কাৰ্যসূচী হাতত লয় (Nationalised banks are protesting against privatisation) ৷
ধেমাজিত ৰাষ্ট্ৰীয়কৃত 10 টা বেংকৰ সমূহীয়া ধৰ্মঘট ইণ্ডিয়ান বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, পঞ্জাৱ নেচনেল বেংক, কানাড়া বেংক, চেন্ট্ৰেল বেংককে ধৰি মুঠ দহটা বেংকৰ এই সমূহীয়া প্ৰতিবাদৰ সৰ্বাত্মক প্ৰভাৱ দেখা গ’ল ধেমাজিত ৷
ধেমাজিত ৰাষ্ট্ৰীয়কৃত 10 টা বেংকৰ সমূহীয়া ধৰ্মঘট বেংক সমূহে আহ্বান জনোৱা দুদিনীয়া ধৰ্মঘটৰ ফলত অচল হৈ পৰিছে বেংক সেৱা (Two days strike by banks in dhemaji) ৷ যাৰ ফলত বন্ধ হৈ পৰিছে আৰ্থিক লেন-দেন ৷
ধেমাজিত ৰাষ্ট্ৰীয়কৃত 10 টা বেংকৰ সমূহীয়া ধৰ্মঘট জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে এই ধৰ্মঘটে ৷ উল্লেখযোগ্য যে, শুকুৰবাৰে বিয়লি 4 বজাত বেংকসমূহে এই ধৰ্মঘট কাৰ্যসূচীৰ সামৰণি পেলাব ৷
লগতে পঢ়ক :Assam Microfinance News : মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত কোনে কৰিছে প্ৰৱঞ্চনা