অসম

assam

By

Published : Aug 23, 2020, 2:09 PM IST

Updated : Aug 23, 2020, 2:15 PM IST

ETV Bharat / state

জোনাইত বিয়াগোম জলসম্পদ বিভাগৰ পঁয়ালগা ছবি

বিগত তিনিবছৰে ঘৰ ভাড়া দিব নোৱাৰাত জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডল কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে মেৰামতি অভাৱত জৰাজীৰ্ণ আৰু ভগা-ছিগা ভাড়াঘৰত বহু সমস্যাৰ মাজেৰে বিভাগীয় কাম-কাজ সম্পন্ন কৰি আহিছে।তদুপৰি ভগা-ছিগা তথা জৰাজীৰ্ণ কাৰ্যালয় ঘৰটোত কোনো নিৰাপত্তা নোহোৱাৰ লগতে বিষয়া-কৰ্মচাৰী সকলে বহি কাম- কাজ চলাই নিবলৈও কোঠাৰ অভাৱ। কৰ্মচাৰীৰ অভিযোগ, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জোনাই উপসংমণ্ডল জলসম্পদ বিভাগে ভাড়াত চলি থকা কাৰ্যালয়ৰ ঘৰ ভাড়া বিচাৰি চৰকাৰক তিনি বছৰে বহুবাৰ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো ফল নধৰিল।

BAD CONDITION OF  WATER  RESOURCES DEPARTMENT AT JONAI
জোনাইত বিয়াগোম জলসম্পদ বিভাগৰ পঁয়ালগা ছবি

জোনাই, ২২ আগষ্টঃ ৩৫ বছৰে এটি জৰাজীৰ্ণ ভাড়াঘৰতে চলি থকা বিয়াগোম জলসম্পদ বিভাগৰ পঁয়ালগা ছবি ৷ সুদীৰ্ঘ ১৯৮৫ বৰ্ষতে ধেমাজি জিলাৰ জোনাই মহকুমাত স্থাপন হোৱা জলসম্পদ বিভাগৰ উপ-সংমণ্ডল কাৰ্যালয়টো সম্প্ৰতি অৱস্থা তথৈবচ ৷ বিগত তিনিবছৰে ঘৰ ভাড়া দিব নোৱাৰাত জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডল কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে মেৰামতি অভাৱত জৰাজীৰ্ণ আৰু ভগা-ছিগা ভাড়াঘৰত বহু সমস্যাৰ মাজেৰে বিভাগীয় কাম-কাজ সম্পন্ন কৰি আহিছে।তদুপৰি ভগা-ছিগা তথা জৰাজীৰ্ণ কাৰ্যালয় ঘৰটোত কোনো নিৰাপত্তা নোহোৱাৰ লগতে বিষয়া-কৰ্মচাৰী সকলে বহি কাম- কাজ চলাই নিবলৈও কোঠাৰ অভাৱ। কৰ্মচাৰীৰ অভিযোগ, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জোনাই উপসংমণ্ডল জলসম্পদ বিভাগে ভাড়াত চলি থকা কাৰ্যালয়ৰ ঘৰ ভাড়া বিচাৰি চৰকাৰক তিনি বছৰে বহুবাৰ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো ফল নধৰিল।

জোনাইত বিয়াগোম জলসম্পদ বিভাগৰ পঁয়ালগা ছবি

প্ৰাপ্ত খবৰ অনুসৰি, চিয়াং-লালী নদীৰ লগতে বিভিন্ন নৈ-উপনৈৰ বানপানী আৰু গৰাখহনীয়াত জোনাই মহকুমাত দুই শতাধিক গাঁৱৰ লক্ষাধিক লোকে আক্ৰান্ত হৈ ককবকাই জীয়াই থাকিব লগা হৈছে। স্মৰ্তব্য যে, জোনাই বান পৰিস্থিতিৰ সম্পৰ্কে বুজ ল’বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে জোনাইলৈ একাধিক উপস্থিত হৈছে যদিও জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সমস্যা সমাধান কৰিব নোৱাৰাটো অতি আশ্চৰ্যজনক বিষয়। বানবিধ্বস্ত জোনাই মহকুমাৰ ঐৰামঘাটৰ পৰা চিচিবৰগাঁৱৰ গাই নদীলৈকে সামৰি গঠন কৰা জোনাই উপ-সংমণ্ডল কাৰ্যালয়ৰ এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে কাৰ্যালয় কৰ্মচাৰী আৰু বিভিন্ন ছেক্টৰৰ কণিষ্ঠ অভিযন্তা কৰ্মচাৰী আদিক লৈ মুঠ ৩১ গৰাকী বিষয়া-কৰ্মচাৰী আছে। বান বিধ্বস্ত অঞ্চলত বানপানী আৰু খহনীয়াৰ নিয়ন্ত্ৰণৰ দৰে গুৰুত্ব পূৰ্ণ জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডল কাৰ্যালয়ৰ দূৰৱস্থাই ৰাইজক চিন্তিত কৰিছে। বিভাগৰ নিজা স্থায়ী কাৰ্যালয়ৰ গৃহ নিৰ্মাণ কৰিবলৈ চৰকাৰক ৰাইজে দাবী জনাইছে যদিও কোনো ফল ধৰা দেখা নাই।

ইপিনে বিগত বৰ্ষৰ ১৯ জুলাইত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই জোনাইলৈ আহি ভাড়াঘৰত চলি থকা জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডল নিজা স্থায়ী কাৰ্যালয় নিৰ্মাণৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু কাৰ্যালয় নিৰ্মাণৰ বাবে জলসম্পদ বিভাগৰ ভূমি আবণ্টন দিবলৈ জোনাই মহকুমাধিপতিক নিৰ্দেশ দিছিল। কিন্তু জলসম্পদ বিভাগে কাৰ্যালয় নিৰ্মাণৰ বাবে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ দখলত থকা ভূমি ঘূৰাই বিচাৰি হাবাথুৰি খাব লগা হৈছে। জলসম্পদ বিভাগৰ ধেমাজি জিলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ দখলত থকা জলসম্পদ বিভাগৰ ভূমি ঘূৰাই বিচাৰি জোনাই মহকুমাধিপতিক পত্ৰ প্ৰেৰণ কৰে। পত্ৰ খনৰ মতে ৰাজ্য চৰকাৰে ১৯৭৪ চনতে অসম বান নিয়ন্ত্ৰণৰ বিভাগটো স্থাপন কৰে আৰু এই বিভাগত ২০০২ চনত জলসম্পদ বিভাগ বুলি পুনৰ নামাকৰণ কৰে। ইপিনে অসম বান নিয়ন্ত্ৰণৰ বিভাগৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ বানপানী নিয়ন্ত্ৰণৰ কমিছন (বি এফ চি চি) এটা গঠন কৰে।

বিশেষকৈ জৰীপ অনুসন্ধান আৰু বহুমুখী বান প্ৰকল্প আদি বিভিন্ন প্ৰকল্প প্ৰস্তুত আৰু ৰূপায়ণৰ বাবে ব্ৰহ্মপুত্ৰ বানপানী নিয়ন্ত্ৰণ কমিছন গঠন কৰা হয়৷ সেইমতে অসম বানপানী নিয়ন্ত্ৰণ বিভাগৰ অধীনত ব্ৰহ্মপুত্ৰ বানপানী নিয়ন্ত্ৰণ কমিছন চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পাছিঘাট মুখ্য কাৰ্যালয় হিচাপে লৈ দিহাং বহুমুখী বান্ধ প্ৰকল্প বাবে দিহাং অনুসন্ধান চক্ৰ এটা স্থাপন কৰে৷ লগতে দিহাং অনুসন্ধান চক্ৰৰ অধীনত দুটা সংমণ্ডল স্থাপন কৰে। ব্ৰহ্মপুত্ৰৰ বানপানী নিয়ন্ত্ৰণ কমিছনৰ দিহাং অনুসন্ধান ১ নং সংমণ্ডল নামত জোনাই ৰাজহচক্ৰই জোনাই সদৰত দাগ নং ২৬১ ত ৪ কঠা ১৫ লেচা ভূমি আবণ্টন দিয়ে৷ এই ভূমিত ব্ৰহ্মপুত্ৰ বানপানী নিয়ন্ত্ৰণ কমিছন দিহাং অনুসন্ধান বিভাগৰ দুটা কাৰ্যালয় ভৱন নিৰ্মাণ কৰে। ইপিনে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানপানী আৰু গৰা খহনীয়া নিয়ন্ত্ৰণৰ বাবে জৰীপ আৰু অনুসন্ধান কৰি প্ৰকল্প প্ৰস্তুত বাবে ১৯৮১ চনত ব্ৰহ্মপুত্ৰ ব'ৰ্ড গঠন কৰে। ব্ৰহ্মপুত্ৰ ব'ৰ্ড গঠন কৰা পিছত অসম বান নিয়ন্ত্ৰণ বিভাগৰ অধীনৰ ব্ৰহ্মপুত্ৰ বানপানী নিয়ন্ত্ৰণ কমিছনৰ বিষয়া কৰ্মচাৰী আৰু কাৰ্যালয়ৰ লগতে দিহাং অনুসন্ধান চক্ৰৰ সংমণ্ডল দুটা ব্ৰহ্মপুত্ৰ ব'ৰ্ডক জৰীপ আৰু অনুসন্ধান বাবে অস্থায়ী ভাৱে স্থানান্তৰ কৰে। ইপিনে ১৯৮৫ চনত ব্ৰহ্মপুত্ৰৰ বানপানী নিয়ন্ত্ৰণ কমিছন ভংগ কৰা হয়।

ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ নিজা বিষয়া কৰ্মচাৰী লগতে কাৰ্যালয় আদি স্থাপন কৰাৰ সমান্তৰালভাৱে ১৯৮৬-৮৮ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ পৰা অসম বান নিয়ন্ত্ৰণ বিভাগৰ বিষয়া কৰ্মচাৰী লগতে কাৰ্যালয়, সা-সম্পত্তি আদি পুনৰ স্থানান্তৰ পদক্ষেপ গ্ৰহণ কৰে৷ কিন্তু অসম বানপানী নিয়ন্ত্ৰণ বিভাগক ব্ৰহ্মপুত্ৰ বৰ্ডে দিহাং অনুসন্ধান বিভাগৰ ভূমি আৰু কাৰ্যালয় ভৱন আজিও ঘূৰাই দিয়া নাই। ফলত পত্ৰখনত জোনাই সদৰত অৱস্থিত তথা বৰ্তমান ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ দখলত থকা এই ভূমি আৰু ভৱন দুটা প্ৰকৃততে অসম বান নিয়ন্ত্ৰণ অৰ্থাৎ ২০০২ চনত পুনৰ জলসম্পদ বিভাগ বুলি নামকৰণ কৰা অসম জলসম্পদ বিভাগৰ সম্পত্তি বুলি দাবী কৰিছে। এই ভূমি আৰু ভৱন দুটা নামত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ দখলত আছে যদিও বৰ্তমান পৰিত্যক্ত হৈ থকা ভৱনত বাস্তৱতে কোনো কাৰ্যালয় বা কৰ্মচাৰী নাই। ইপিনে জলসম্পদ বিভাগৰ জোনাই উপসংমণ্ডল স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে এই ভূমি ঘূৰাই বিচাৰি জলসম্পদ বিভাগৰ সচিবে ১৬ মাৰ্চত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধ্যক্ষলৈ পত্ৰ লিখাৰ পিছতো কোনো উত্তৰ লাভ কৰা নাই ফলত জলসম্পদ বিভাগৰ ধেমাজি সংমণ্ডল কাৰ্যবাহী অভিযন্তাই এই ভূমি ঘূৰাই পোৱাৰ ক্ষেত্ৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জোনাই মহকুমাধিপতিক অনুৰোধ জনাইছে।

প্ৰশ্ন হয়,পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদীত বহা বিজেপি মিত্ৰজোঁট চৰকাৰ কিমানদূৰ সফল হৈছে ৰাজ্যৰ উন্নয়নত?পৰিৱৰ্তনকামী চৰকাৰৰ দিনত খোদ নিজ বিভাগৰে যদি এনে পুতৌজনক অৱস্থা তেনেহ'লে সহজেই অনুধাৱন কৰিব পৰা যায় ৰাজ্যৰ উন্নয়ন ৷

লগতে পঢ়কঃবাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ

Last Updated : Aug 23, 2020, 2:15 PM IST

ABOUT THE AUTHOR

...view details