জোনাই, ১৭ জুন:আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ধেমাজি জিলাৰ চিচিবৰগাঁৱত হিতাধিকাৰীসকলৰ মাজত শুক্ৰবাৰে আয়ুষ্মান কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । এই আয়ুষ্মান কাৰ্ড বিতৰণ কৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷ দৰিদ্ৰ জনসাধাৰণে এই আচঁনিৰ জৰিয়তে সুফল লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে । বিধায়ক ভূৱন পেগুই যিসকল যোগ্য ৰেচন কাৰ্ডপ্ৰাপ্ত হিতাধীকাৰী এতিয়াও এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোককো নিজৰ নাম অন্তৰ্ভুক্তি কৰি আয়ুষ্মান কাৰ্ড লাভ কৰিবলৈ আহ্বান জনায় ৷
উল্লেখ্য় যে ধেমাজি জিলাত মুঠ ৪ লাখ ৭৮ হাজাৰ হিতাধিকাৰী আছে ৷ এই হিতাধীকাৰীৰ মাজৰেই কালি ৫ জন যোগ্য হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড আনুষ্ঠানিকভাবে বিতৰণ কৰা হয় ৷ এই অনুষ্ঠানত ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালী লগতে জিলা স্বাস্থ্য বিভাগ , জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (NFSA) অধীনত ৰেচন কাৰ্ড উপভোক্তা সকলকৰ মাজত অনুষ্ঠানিক ভাবে ৫ লাখ টকীয়া বিনামূলীয়া চিকিৎসা সেৱাৰ আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয় ।