জোনাই,২৫ মাৰ্চ:বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ ৰাজনৈতিক দলসমূহৰ সমান্তৰালভাৱে সষ্টম হৈছে জিলাৰ লগতে মহকুমা প্ৰশাসনসমূহ । জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে বৃহস্পতিবাৰে পুৱা জোনাই মহকুমাধিপতি কাৰ্যালয়ত আয়োজন কৰে ‘‘ভোটৰ বাবে দৌৰ’’ শীৰ্ষক এক সজাগতামূলক দৌৰ প্ৰতিযোগিতা ৷ এই অনুষ্ঠানত জোনাই মহকুমাৰ ভালেকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷
জোনাইত ভোটৰ বাবে দৌৰ - জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতি
জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে বৃহস্পতিবাৰে পুৱা জোনাই মহকুমাধিপতি কাৰ্যালয়ত আয়োজন কৰে ‘‘ভোটৰ বাবে দৌৰ’’ শীৰ্ষক এক সজাগতামূলক দৌৰ প্ৰতিযোগিতা এই অনুষ্ঠিত জোনাই মহকুমাৰ ভালেকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে সজাগতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
ভোটাধিকাৰ লাভ কৰা কোনো ব্যক্তিয়েই যাতে আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদানৰ পৰা বাদ নপৰে তাৰ বাবে নিৰ্বাচন আয়োগে সৰ্বাধিক গুৰুত্ব দিছে বুলি সজাগতা ৰেলী উদ্বোধন কৰি কয় মহকুমাধিপতি গৰাকীয়ে উল্লেখ কৰে ৷ নিৰ্বাচনৰ সময়ত যাতে সকলো লোকে ভোটদানৰ বাবে ওলাই আহে তাৰ বাবে নিৰ্বাচনী বিষয়াগৰাকীয়ে অসমৰ ৰাইজক আহ্বান জনায় । এই সজাগতা কাৰ্যসূচীত জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, জোনাইৰ মহকুমা দণ্ডাধীশ প্ৰীতম কুমাৰ দাস উপস্থিত থাকে ।
লগতে পঢ়ক:অতুল বৰাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি কোষৰ গোচৰ