জোনাই, ১৯ জুন: সোমবাৰে চিমেন চাপৰিৰ খেৰণি প্ৰাথমিক বিদ্যালয়ত অপৰাধমুক্তি সমন্বয় সমিতিৰ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । অপৰাধমুক্তি সমন্বয় সমিতিৰ সভাপতি প্ৰৱণ কুমাৰ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই অপৰাধমুক্তি সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক ৰজনী সন্দিকৈয়ে ।
সভাত অপৰাধমুক্তি সমন্বয় সমিতিৰ উপদেষ্টা প্ৰদীপ দুৱৰাই কয় চিমেন সমিতিখনে চাপৰি গাওঁ পঞ্চায়তৰ লগতে ডিমৌ, চমকং, মিছামৰা, ডেকাপাম গাওঁ পঞ্চায়তত সজাগতা সভা অনুষ্ঠিত কৰি সমগ্ৰ অঞ্চলত মাদক দ্ৰব্য আৰু অসামাজিক তথা অপৰাধ কাৰ্যৰ বিৰুদ্ধে সৱল ভূমিকা গ্ৰহণ কৰিব লাগিব ৷ তেওঁ লগতে আৰু কয় যে নৱপ্ৰজন্মৰ মাজত প্ৰচলন হ'বলৈ ধৰা বিভিন্ন অসামাজিক আৰু অপৰাধমূলক কামকাজৰ বাবে সমাজৰ বহু ক্ষতি হৈছে, সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প আন একোৱেই নাই ।
সমিতিৰ অন্যতম উপদেষ্টা চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰ, উপ সভাপতি চমকং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, উপ সভাপতি তোলন ফুকন, ৰাজেন ৰায়, অৱসৰপ্ৰাপ্ত শিক্ষক জয়নাৰায়ণ উপাধ্যায়, চিমেন চাপৰি গাওঁ পঞ্চায়তৰ কাউঞ্চিলৰ টুটুমণি দত্তই চিমেন চাপৰি, চমকং, ডেকাপাম, মিছামৰা, তেলাম আদি অঞ্চলত ড্ৰাগছ, মাদক দ্ৰব্য, অসামাজিক তথা অপৰাধমূলক কামকাজৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুজঁ দিয়াৰ মতপোষণ কৰি এইক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
অপৰাধমুক্তি সমন্বয় সমিতিৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থকা সভাখনত সপোন শইকীয়াক সভাপতি, দিপাংক পাঠকক সম্পাদক হিচাপে লৈ তেইশজনীয়া এখন অপৰাধমুক্তি সমন্বয় সমিতিৰ খেৰণি গাঁও শাখা সমিতি গঠন কৰা হয় ।
লগতে পঢ়ক :Assam flood 2023: বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ 18 জিলাৰ 34 হাজাৰৰো অধিক লোক