জোনাই,৭ নৱেম্বৰ: ২১ শতিকাতো অসমৰ জনতাৰ মাজৰ পৰা আঁতৰি যোৱা নাই অন্ধবিশ্বাস তথা কু-সংস্কাৰ । এতিয়াও ডাইনীৰ সন্দেহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে লোমহৰ্ষক হত্যাকাণ্ড (Witch hunting in Assam) । চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ পাছতো সাপে খুঁটিলে চিকিৎসকৰ সলনি নিয়া হয় বেজৰ ওচৰলৈ । মংগল কামনা কৰি পৰিধান কৰা হয় তাবিজ । এই সমুহ কু-সংস্কাৰ আঁতৰাবৰ বাবেই জোনাইত অনুষ্ঠিত কৰা হয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাইজমেল (Awareness meeting on superstitions) ।
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত, জোনাইৰ কেমি জেলম, জোনাই, বাহিৰ জোনাই, ডেকাপাম, ৰাজাখানা, গালীচিকাৰী, চিগা, লাইমেকুৰী, মিছামৰা, চিমেন, চমকং, ৰামধন দিখাৰী, ৰায়াং বিজয়পুৰ, তেলামকে ধৰি ১৫ খন পঞ্চায়তৰ সহযোগত আৰু সংস্কাৰ "মানুহে মানুহৰ বাবে" অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত আজি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে অনুষ্ঠিত গণ জাগৰণ ৰাইজমেল অনুষ্ঠিত কৰা হয় (Awareness program in Jonai) ৷
সোমবাৰে অন্তিমখন অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে গণ জাগৰণ ৰাইজমেলখন চিলে পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰি জোনাই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুৰ্কংচেলেক ব্লকৰ সমন্বয়ক প্ৰদীপ গগৈয়ে কয় যে, একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত অন্ধবিশ্বাস আৰু সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক । সামাজিক ব্যাধি, অন্ধবিশ্বাসৰ বিৰুদ্ধে সকলো সকলো সজাগ আৰু সচেতন হৈ থাকিব লাগিব (Public awareness on witch hunting) ৷