জোনাই,৬ নৱেম্বৰ:২১ শতিকাতো অসমৰ জনতাৰ মাজৰ পৰা আঁতৰি যোৱা নাই অন্ধবিশ্বাস তথা কু-সংস্কাৰ । এতিয়াও ডাইনীৰ সন্দেহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে লোমহৰ্ষক হত্যাকাণ্ড । চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ পাছতো সাপে খুঁটিলে চিকিৎসকৰ সলনি নিয়া হয় বেজৰ ওচৰলৈ । মংগল কামনা কৰি পৰিধান কৰা হয় তাবিজ । এই সমুহ কু-সংস্কাৰ আঁতৰাবৰ বাবেই জোনাইত অনুষ্ঠিত কৰা হয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাইজমেল(Awareness meeting against superstitions) ।
ৰাজ্যৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ ঘটোৱাৰ উদ্দেশ্যে বিজ্ঞান শিক্ষাৰ বৌদ্ধিক জাগৰণ সৃষ্টি কৰি বিজ্ঞানক এক বৃত্তি হিচাপে প্ৰচাৰ কৰাৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা হয় এই অনুষ্ঠানৰ । আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত, জোনাই গাঁও পঞ্চায়তৰ সহযোগত আৰু সংস্কাৰ "মানুহে মানুহৰ বাবে"অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত জোনাই গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এই গণ জাগৰণ ৰাইজমেল অনুষ্ঠিত কৰা হয়(Awareness program in Jonai) ৷