অসম

assam

ETV Bharat / state

লক্​ ডাউনৰ মাজতে ধেমাজীত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে ATM - ATM robbery in Dhemaji during Lock down

স্থানীয় লোকে ATM টো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ATM ৰ সৈতে জড়িত লোক ঘটনাস্থলীত উপস্থিত হৈ ATM টো পৰিদৰ্শন কৰে ৷

ধেমাজীত দুৰ্বৃত্তৰ ATM লণ্ডভণ্ড
ধেমাজীত দুৰ্বৃত্তৰ ATM লণ্ডভণ্ড

By

Published : Apr 29, 2020, 3:31 PM IST

ধেমাজি , 29 এপ্ৰিল : লক্​ ডাউনৰ মাজতেই মঙলবাৰে পুৱতি নিশা দুৰ্বৃত্তই লণ্ড ভণ্ড কৰে ধেমাজি সাহিত্য সভা কাৰ্যালয়ৰ সন্মুখৰ SBI ৰ এটা ATM । জানিব পৰা মতে, কেৱল ATM মেচিনে নহয় দুৰ্বৃত্তই চিচি কেমেৰাসহ ATM টোৰ ভিতৰৰ সকলো অংশ ভাঙি তচনচ কৰাৰ লগতে ধন লুট কৰাৰো চেষ্টা চলাই । বুধবাৰে দিনৰ ভাগত স্থানীয় লোকে ATM টো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ATM ৰ সৈতে জড়িত লোক ঘটনাস্থলীত উপস্থিত হৈ ATM টো পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে, দুৰ্বৃত্তই ATM টোৰ পৰা ধন নিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে বিষয়াসকলে।

ধেমাজীত দুৰ্বৃত্তৰ ATM লণ্ডভণ্ড

ABOUT THE AUTHOR

...view details