অসম

assam

ETV Bharat / state

অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে - Assamese

জোনাইৰ এগৰাকী প্ৰতিভাশালী শিপিনী জিনু চুতীয়া ৷ জিনু চুতীয়াই তেওঁৰ ব্যতিক্ৰমী কৰ্মৰাজিৰে পৰিচয় দিছে তেওঁক অসাধাৰণ প্ৰতিভাৰ ৷ ইখনৰ পাচত সিখন গামোচাত তেওঁ ৰচি গৈছে নিজৰ সপোন ৷

অসমীয়া শিপিপী
অসমীয়া শিপিপী

By

Published : Oct 5, 2020, 1:29 PM IST

জোনাই, 5 অক্টোবৰ: সঁচাকৈয়ে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে ৷ যেন কাৰো সৈতেই তুলনা নাই তেওঁলোকৰ ৷ তাৰেই এক উদাহৰণ দেখিবলৈ পোৱা গ'ল ধেমাজি জিলাৰ জোনাইৰ শিপিনী জিনু চুতীয়াৰ কৰ্মত ৷ শিপিনী জিনু চুতীয়াই বৈ উলিয়ালে বহু অসাধাৰণ গামোচা ৷ অসাধাৰণ এইবাবেই যে তেওঁ গতানুগতিকতাৰ পৰিৱৰ্তে প্ৰস্তুত কৰি ওলিয়াইছে কেইখনমান ব্যতিক্ৰমী গামোচা ৷ জিনু চুতীয়াই গোমোচাত একাধাৰে বাছি গৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু নামঘোষা, সুধাকণ্ঠ, কলাগুৰু, ৰূপকোঁৱৰ পৰা আদি কৰি সাহিত্য সভাৰ সভাপতিসকলৰ লগতে হিমন্ত বিশ্ব শৰ্মা, জুবিন গাৰ্গ, সাংবাদিক জাৰিৰ হুছেইনকে ধৰি বহু গণ্যমান্য ব্যক্তিৰ প্ৰতিচ্ছবি ৷ আনহাতে স্বাধীনতা সংগ্ৰামী মহাত্মা গান্ধী, ভগত সিং, সুখদেৱ আদিৰ লগতে একাংশ লেখত ল'বলগীয়া ব্যক্তিয়েও স্থান পাইছে তেওঁ বৈ উলিওৱা গামোচাত ৷

অসমীয়া শিপিপীয়ে তাঁতশালত সপোন ৰচে

জোনাইৰ কমলপুৰ নিবাসী ব্যতিক্ৰমী প্ৰতিভাৰ পৰিচয় দিয়া শিপিনী গৰাকীয়ে কোনো চৰকাৰী সাহায্য অবিহনেই স্বামীৰ সহায়ত কামবোৰক পূৰ্ণাংগ ৰূপ প্ৰদান কৰিছে ৷ আনহাতে শিপিনী হোৱাৰ লগতে এখন চিত্ৰাংকণ বিদ্যালয়ো পৰিচালনা কৰি আছে জিনু চুতীয়াই ৷

লগতে পঢ়ক:বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি

ABOUT THE AUTHOR

...view details