অসম

assam

ETV Bharat / state

চিলাপথাৰত প্ৰতিফলিত আখৰেৰে লিখি উলিয়ালে নামঘোষা - প্ৰতিফলিত আখৰেৰে লিখি উলিয়াইছে নামঘোষা

চিলাপথাৰৰ বিজয় শংকৰ দত্তৰ ব্যতিক্ৰমী প্ৰয়াস ৷ প্ৰতিফলিত আখৰেৰে অনুবাদ কৰাৰ প্ৰয়াস অসমীয়া তথা বিশ্ব সাহিত্যৰ কেইবাখনো জনপ্ৰিয় গ্ৰন্থ ৷

assam youth scripts namghosha in mirror language
প্ৰতিফলিত আখৰেৰে অনুবাদ বিশ্ববিখ্যাত সাহিত্য

By

Published : Jun 11, 2020, 7:14 PM IST

জোনাই , 11 জুনঃ প্ৰতিভাৰ সেউজভূমি অসম ৷ নিত্য নতুন আৱিস্কাৰ তথা উদ্ভাৱনেৰে সময়ে সময়ে অসমীয়াই দেখুৱাই আহিছে নিজ ব্যতিক্ৰমী প্ৰতিভা ৷ অনুৰূপভাৱে পুনৰ এজন অসমীয়া যুৱকে এক ব্যতিক্ৰমী চিন্তাৰে নতুনত্ব কঢ়িওৱাৰ চেষ্টা কৰিছে অসমীয়া ভাষা-সাহিত্যৰ জগতখনলৈ ৷ ধেমাজি জিলাৰ চিলাপথাৰৰ বিজয় শংকৰে প্ৰতিফলিত আখৰেৰে লিখি উলিয়াইছে এখন অনন্য কবিতাপুথি ৷ য’ত সন্নিৱিষ্ট কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষা ৷ ভাষা-সাহিত্য জগতত এক নতুনত্বৰ সংযোজন ঘটোৱাৰ লগতে নৱ-প্ৰজন্মৰ মাজত বৈজ্ঞানিক চিন্তা শক্তি প্ৰকট কৰাৰ উদ্দেশ্যেৰে সাহিত্য গ্ৰন্থ সমূহক প্ৰতিফলিত ৰূপত লিখি উলিওৱাৰ প্ৰচেষ্টা চলাই গৈছে চিলাপথাৰৰ বৰপথাৰ অঞ্চলৰ বালিজান গাঁৱৰ ধন দত্ত আৰু ৰম্ভা দত্তৰ পুত্ৰ তথা ইংৰাজী বিষয়ত স্নাতকোত্তৰ বিজয় শংকৰ দত্তই ৷ দাপোণৰ জৰিয়তেহে পঢ়িব পাৰি বিজয় শংকৰ দত্তই ব্যতিক্ৰমী ৰূপত প্ৰস্তুত কৰি উলিওৱা এই গ্ৰন্থ সমূহ ৷

প্ৰতিফলিত আখৰেৰে অনুবাদ বিশ্ববিখ্যাত সাহিত্য

বিশিষ্ট লেখক ৰবিন ছনৰ "THE GREATNESS BOOK", বিশিষ্ট কবি দেৱকান্ত বৰুৱাৰ "সাগৰ দেখিছা"ৰ লগতে ড0 এ পি জে আব্দুল কালামৰ "WINGS OF FIRE", ৰিক্‌ এটকিনচনৰ AN ARMY AT DAWN আৰু মহাকাব্য মহাভাৰতকো প্ৰতিফলিত ৰূপত অনুবাদ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে উদ্যমী আৰু ব্যতিক্ৰমী চিন্তাৰ যুৱকজনে ৷ এবাল্টি পানীৰ ওপৰত থ্ৰীডি বা এখন ছবি থ'লে পানীত প্ৰতিফলিত হোৱা ছবিখনেই হ'ব এই ভাষাটোৰ মূল-মন্ত্ৰ ৷ উদীয়মান ভাষা কলাশিল্পী গৰাকীৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে ভাষা সংস্কৃতিৰ অনুৰাগী সকলে ৷

লগতে পঢ়কঃ আই আই টি গুৱাহাটীৰ তিনি শিক্ষাৰ্থীৰ অভিনৱ উদ্ভাৱন

ABOUT THE AUTHOR

...view details