ধেমাজি,4 নৱেম্বৰঃঅত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশ লংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক তীব্ৰ মাধমাৰ শোধাইছে ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে বুধবাৰে ধেমাজি সদৰত মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগানমন্ত্ৰী ফনীভূষণ চৌধুৰী প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
ধেমাজিত AJYCP ৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ
প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, অকৰ্মন্য যোগান মন্ত্ৰী মুৰ্দাবাদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তুলে ৷
ধেমাজিত AJYCP ৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ
প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, অকৰ্মন্য যোগান মন্ত্ৰী মুৰ্দাবাদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তুলে ৷ প্ৰতিবাদস্থলীত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই বিজেপি চৰকাৰ আৰু যোগামন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা চৰকাৰখনক দিলে গৰিহণা ৷
লগতে পঢ়কঃ অপৰাধীক কৰায়ত্ব কৰাৰ বাবে কৰিমগঞ্জত আৰক্ষীক সময় বান্ধি দিলে ৰাইজে