ধেমাজি, 28 মাৰ্চ : সোমবাৰৰ পৰা ধেমাজি বিধান সভাৰ সমষ্টিত আৰম্ভ হৈছে পাঁচদিনীয়াকৈ বিহু নৃত্যৰ আখৰা শিবিৰ । একেলগে বাজি উঠিছে ষাঠীটাৰো অধিক ঢোল ৷ সমান্তৰালভাৱে একেটা চাপৰত ক্ৰুটি মুক্ত হৈ নচাৰ প্ৰয়াস কৰিছে এশ চল্লিশৰো অধিক নাচনীয়ে ৷ লক্ষ্য 14 এপ্ৰিল 2023 ৷ কাৰণ ৰাজ্য চৰকাৰৰ উদ্যোগত এই বৰ্ষৰ ৰঙালী বিহু অৰ্থাৎ ১৪ এপ্ৰিলৰ দিনা গুৱাহাটীত একেলগে 11 হাজাৰ বিহুৱা-বিহুৱতীৰ দ্বাৰা নৃত্য প্ৰদৰ্শনৰ অভিনৱ আৰু অভিলাষী অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত ধেমাজি জিলাৰো ৪০০ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰি বিহু নাচ প্ৰদশৰ্ন কৰিব (Assam Bihu dance Guinness book of World Record) ।
ৰেকৰ্ড গঢ়াৰ এই অনুষ্ঠানৰ বাবে ধেমাজি জিলাৰ দুয়োটা বিধানসভা সমষ্টিৰ পৰা ২০০ কৈ মুঠ ৪০০ বিহুৱা-বিহুৱতীক নিৰ্বাচন কৰা হ’ব ৷ ইতিমধ্যে প্ৰাৰম্ভিক নিৰ্বাচনৰ অন্তত সোমবাৰৰ পৰা ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি নগৰ চিলাৰায় ভৱনত পাচঁদিনীয়াকৈ ঢুলীয়া আৰু নাচনীৰ বিহু নৃত্য আখৰা শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷ শিবিৰত অভিজ্ঞ বিহুৱতী আৰু ঢুলীয়াৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে (Assam ready to set Guinness book of world record) ৷ বৰ্তমান শিবিৰত এশ চল্লিশগৰাকী নাচনী আৰু ষাঠী গৰাকী ঢুলীয়াক চূড়ান্ত বাছনি কৰা হ’ব ৷