অসম

assam

By

Published : Aug 1, 2023, 10:20 PM IST

ETV Bharat / state

Muslim man's exemplary work: মন্দিৰ নিৰ্মাণেৰে এজন মুছলমানৰ মহানুভৱতাৰ বিৰল নিদৰ্শন

শংকৰ-আজানৰ দেশত পুনৰ ভাতৃত্ববোধৰ পৰিচয় দাঙি ধৰিলে এজন চৰকাৰী বিষয়াই ৷ এইজন চৰকাৰী বিষয়া মুচল্লেহউদ্দিন আহমেদৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠিল এটা শিৱ মন্দিৰ ৷

Muslim man's exemplary work
Muslim man's exemplary work

মন্দিৰ নিৰ্মাণেৰে এজন মুছলমানৰ মহানুভৱতাৰ বিৰল নিদৰ্শন

জোনাই, ১ আগষ্ট: শংকৰ-আজানৰ দেশত পুনৰ ভাতৃত্ববোধৰ পৰিচয় দাঙি ধৰিলে এজন চৰকাৰী বিষয়াই ৷ অসম আৰক্ষীত কৰ্মৰত এইজন চৰকাৰী বিষয়াৰ কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ যি সময়ত সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰে একাংশ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তৎপৰ তেনে সময়তে চৰকাৰী বিষয়াগৰাকীৰ এক কৰ্মই ভাতৃত্ববোধ আৰু ধৰ্মীয় সম্প্ৰীতিৰ পৰিচয় দাঙি ধৰিলে ৷ এইজন চৰকাৰী বিষয়া মুচল্লেহউদ্দিন আহমেদৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠিল এটা শিৱ মন্দিৰ ৷

অসম-অৰুণাচল সীমান্তৱৰ্তী লিকাবালিৰ ২২ নং অসম আৰক্ষী বেটেলিয়ন চৌহদত ইছলামধৰ্মী চৰকাৰী বিষয়াগৰাকীয়ে নিৰ্মাণ কৰি উলিয়ালে এটা সৰ্বাংগসুন্দৰ শিৱ মন্দিৰটো । আটকধুনীয়া এই শিৱ মন্দিৰ নিৰ্মাণেৰে মানৱতাৰ, মিলাপ্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে এইগৰাকী মুচল্লেহউদ্দিন আহমেদে ৷

বাহিনীটোৰ অধিনায়ক মুচল্লেহউদ্দিন আহমেদ এজন ইছলাম ধৰ্মালম্বী লোক হোৱা সত্ত্বেও হিন্দুৰ উপাসনাৰ প্ৰতি তেওঁৰ আছে অগাধ শ্ৰদ্ধা আৰু ভক্তি । সেয়ে সনাতন ধৰ্মৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা, বিভেদকামী মনোভাব ত্যাগ কৰি আৰক্ষী বিষয়া তথা অধিনায়ক মুচল্লেহউদ্দিন আহমেদ নিজৰ গাঁঠিৰ ধন ভাঙি সজাই তুলিলে হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা শিৱ মন্দিৰ । সদস্য নিৰ্মিত আটক ধুনীয়া শিৱ মন্দিৰটোত এতিয়া নিতৌ পুৱা-গধূলি শুনা যায় হৰি নামৰ ধ্বনি ৷

আনহাতে কিছুদিনৰ পূৰ্বে এইগৰাকী ইছলামধৰ্মী আৰক্ষী বিষয়াই বেটেলিয়ন চৌহদৰ কাষতে নিৰ্মাণ কৰিছিল জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ নামঘৰ । এইবাৰ বাহিনীৰ চৌহদতে নিৰ্মাণ কৰিলে এটা সুন্দৰ শিৱ মন্দিৰ। তেওঁৰ এই মহানুভৱতাক প্ৰশংসাৰে উপচাই পেলাইছে ৰাইজে ৷ এগৰাকী ইছলাম ধৰ্মালম্বী লোক হৈও আহমেদৰ অন্য ধৰ্মৰ প্ৰতি এনে শ্ৰদ্ধাই সকলোৰে হৃদয় চুই গৈছে ৷

লগতে পঢ়ক:First Eidgah in Guwahati : ১২৩ বছৰীয়া গুৱাহাটীৰ প্ৰথম ঈদগাহৰ ইতিহাস বিচাৰি...

ABOUT THE AUTHOR

...view details