ধেমাজি, 16 মাৰ্চ :জালিয়াতিৰে খেলৰ ভুৱা প্ৰমাণ পত্ৰৰ প্ৰস্তুত কৰি অসম আৰক্ষীত চাকৰি লোৱাৰ অভিযোগ এগৰাকী যুৱতীৰ বিৰুদ্ধে ৷ অসম আৰক্ষীৰ কনিষ্টবল (ইউ বি) 2017 ৰ নিযুক্তি প্ৰক্ৰিয়াৰ সাক্ষাৎকাৰ সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলৰ ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে এইবাৰ ধেমাজিত ( Assam girl allegedly presented falsified documents during police recruitment process) ৷
তথ্য জনা অধিকাৰ আইনৰ সহায়ত উন্মোচিত হৈছে এই তথ্য ৷ বৰ্তমান ডিব্ৰুগড়ত কনিষ্টবল হিচাপে নিযুক্ত হৈ আছে যুৱতীগৰাকী ৷ এই অভিযুক্ত যুৱতীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ আনিছে ধেমাজি জিলা পাঞ্জা খেল সংঘৰ কৰ্মকৰ্তাসকলে (Arm wrestling certificate controversy) ৷
উল্লেখযোগ্য যে, যুৱতীগৰাকী দাখিল কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰমাণ পত্ৰৰ 2010 চনত মণিপুৰত অনুষ্ঠিত হোৱা খেলত অসমৰ পৰা 45-50 কেজি শাখাত নাছিল অভিযুক্ত যুৱতীগৰাকীৰ নাম ৷ কেনেদৰে যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি জালিয়াতিৰে খেলৰ ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰি যুৱতীগৰাকীয়ে আৰক্ষী বিভাগত নিযুক্তি লাভ কৰিলে, তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷