ধেমাজি, 24 এপ্ৰিল :দেওবাৰে দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত বিশেষ গাঁও সভাত পালন কৰা হয় ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস (National Panchayati Raj Divas Gram Sabha at Dhemaji) ৷ বিয়লি ১ বজাত উক্ত সভাত উপস্থিত হৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে (Assam education minister at National Panchayati Raj Divas) ৷ ইফালে পঞ্চায়তৰ সভানেত্ৰী কুহিমা কাৰ্দঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাতখনিত আদৰণি ভাষণ আগবঢ়াই ধেমাজি খণ্ড উন্নয়ন বিষয়া নবীন কামানে ৷
ইয়াৰ পিছতেই সভাত উপস্থিত থকা সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূৱন পেগু, ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী, আদি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত কেন্দ্ৰীয়ভাৱে ধেমাজি জিলা পৰিষদক পণ্ডিত দীনদয়াল উপাধ্যায় ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে বিবেচিত কৰি বঁটাৰে সন্মানিত কৰা হয় আৰু এই বঁটা ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈক আনুষ্ঠানিকভাৱে প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Assam education minister Visits Dhemaji) ৷