অসম

assam

ETV Bharat / state

জোনাইত জলসম্পদ মন্ত্ৰীৰ খহনীয়া পৰিদৰ্শন

চেঙাজানত কেশৱ মহন্তই পৰিদৰ্শন কৰিলে খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল । খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি ।

জোনাইত জলসম্পদ মন্ত্ৰীৰ খহনীয়া পৰিদৰ্শন

By

Published : Jul 19, 2019, 2:50 PM IST

জোনাই, ১৩ জুলাই : ৰাজ্যত অব্যাহত থকা বানপানী আৰু নেৰানেপেৰা বৰষুণৰ মাজতে শুকুৰবাৰে দিনত ধেমাজি জিলাৰ চেঙাজানত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত । লগত জোনাইৰ বিধায়ক ভূৱন পেগু আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুক লগত লৈ মন্ত্ৰী গৰাকীয়ে পৰিৰ্দশন কৰে খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল । চেঙাজান অঞ্চলত ব্ৰহ্মপুত্ৰৰ নদীয়ে অব্যাহত ৰখা তীব্ৰ খহনীয়া তথা চিয়াং, লালী আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ বানে আক্ৰান্ত কৰা জোনাইৰ ২৭৩ খন গাঁৱৰ কথা মন্ত্ৰীজনক অৱগত কৰে স্থানীয় বিধায়ক ভূৱন পেগুৱে । শেষত জলসম্পদ মন্ত্ৰী গৰাকীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

জোনাইত জলসম্পদ মন্ত্ৰীৰ খহনীয়া পৰিদৰ্শন

ABOUT THE AUTHOR

...view details